বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাৰ আদ্যশ্ৰাদ্ধত 'সৌহাৰ্দ্য'ৰ স্মৃতিচাৰণ সভা...

বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাৰ আদ্যশ্ৰাদ্ধত 'সৌহাৰ্দ্য'ৰ স্মৃতিচাৰণ সভা...
Published on
Updated on

ডিজিটেল ডেস্কঃ অসমীয়া কাব্য সাহিত্যৰ এগৰাকী প্ৰথিতযশা কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ বাসগৃহত আজি ৰাজ্যখনৰ অন্যতম সাহিত্য-সংস্কৃতি অনুষ্ঠান 'সৌহাৰ্দ্য'ৰ উদ্যোগত এখনি স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। সাহিত্য তথা সংবাদ ক্ষেত্ৰৰ লগত জড়িত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পাঁচগৰাকী তৰুণ কবি-সাংবাদিকৰ অনুষ্ঠান সৌহাৰ্দ্যৰ জৰিয়তে ৰামধেনু যুগৰ কবি তথা সমালোচক ৰবীন্দ্ৰ বৰাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জনাই 'শোকবাৰ্তা' প্ৰেৰণ কৰা হয়।

সৌহাৰ্দ্যৰ হৈ বিপুল কুমাৰ দিহিঙীয়া আৰু দুৰ্গা প্ৰসাদ হাজৰিকাই অংশগ্ৰহণ কৰা সভাত বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাৰ সহধৰ্মিনী তথা লেখিকা অঞ্জুলা ভূঞা বৰা, জ্যেষ্ঠ জোঁৱাই তথা বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু, বিশিষ্ট চিত্ৰশিল্পী উৎপল বৰাৰ লগতে জী ভাস্বতী বৰা ৰাজগুৰু, গীতাৰ্থী বৰাসহ ভালেসংখ্যক কবিগৰাকীৰ গুণমুগ্ধ, গণ্য-মান্য লোক উপস্থিত থাকে। উল্লেখ্য যে শিৱসাগৰ জিলাৰ ৰাজমাই চাহ-বাগিচাত ১৯৩৯ চনৰ ২৫ ফেব্ৰুৱাৰীত জন্ম গ্ৰহণ কৰা ৰামধেনু যুগৰ কবি ৰবীন্দ্ৰ বৰাৰ পিতৃ ইন্দ্ৰেশ্বৰ বৰা আৰু মাতৃ আছিল লীলাৱতী বৰা।

প্ৰসিদ্ধ সাংবাদিক তথা বৰেণ্য সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ সম্পাদনাত প্ৰকাশিত 'অসম বাতৰি' কাকতত এগৰাকী প্ৰুফ ৰিডাৰ হিচাপে যোগদান কৰা কবিগৰাকীয়ে পাছৰ পৰ্যায়ত অসম চৰকাৰৰ জনসংযোগ বিভাগত কৰ্মজীৱন আৰম্ভ কৰি ২০০১ চনত অৱসৰ গ্ৰহণ কৰে। ১৫ খন কাব্য সংকলন, ৪ খন গল্প সংকলন, এখন প্ৰবন্ধ সংকলন, ২খন শিশু গ্ৰন্থ, তিনিখন সম্পাদিত কাব্য সংকলন প্ৰকাশ পায়। স্মৃতিচাৰণ সভাতেই উইকিপিডিয়াৰ অন্যতম সদস্য তথা কবি-সাংবাদিক বিপুল কুমাৰ দিহিঙীয়াই বিশিষ্ট কবি ৰবীন্দ্ৰ বৰাৰ জীৱন পৰিক্ৰমা উইকিপিডিয়াৰ পৃষ্ঠাত সংযোগ কৰা হৈছে বুলি উল্লেখ কৰে।

বিপুল কুমাৰ দিহিঙীয়াই আঁতধৰা সভাতেই দুৰ্গা প্ৰসাদ হাজৰিকাই ২০১৯ চনত বিশিষ্ট কবি-সমালোচক ৰবীন্দ্ৰ বৰাৰ সম্পাদনাতে বিশাল প্ৰকাশনৰ দ্বাৰা 'সৌহাৰ্দ্য' কাব্য নামৰ এখনি কাব্য সংকলন প্ৰকাশ পাইছিল বুলি উল্লেখ কৰে। এই কাব্য সংকলনত বিপুল কুমাৰ দিহিঙীয়া, দুৰ্গা প্ৰসাদ হাজৰিকা, অৱনী বৰুৱা, অৰূপজ্যোতি নাথ, ৰূপজ্যোতি বৈশ্যৰ নিৰ্বাচিত কবিতা সংকলিত কৰা হৈছিল।

উল্লেখ্য যে যোৱা ১১ আগষ্টত পৰলোকপ্ৰাপ্তি ঘটা ৰামধেনু যুগৰ কবি ৰবীন্দ্ৰ বৰাৰ ২৩ আগষ্টৰ দিনৰ ১২ বজাত শিলপুখুৰী নৱগ্ৰহ খেলপথাৰ শিৱমন্দিৰ কমিউনিটি হলত আয়োজিত আদ্যশ্ৰাদ্ধত কবিগৰাকীৰ শেহতীয়া কাব্য সংকলন 'মই পৰ্যটক' আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ'ব। পাৰা প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এই কাব্য সংকলনৰ লগতে অঞ্জুলা ভূঞা বৰাৰ 'কথা আৰু গীতৰ লহৰ' নামৰ এখনি প্ৰবন্ধ সংকলনো উন্মোচন কৰা হ'ব বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in