বিচৰাৰ দৰে দিব নোৱাৰিলে যৌতুক! অগ্নিদগ্ধ হৈ ৰহস্যজনকভাৱে মৃত্যু হ’ল মালবিকাৰ, VIDEO

বিচৰাৰ দৰে দিব নোৱাৰিলে যৌতুক! অগ্নিদগ্ধ হৈ ৰহস্যজনকভাৱে মৃত্যু হ’ল মালবিকাৰ, VIDEO
Published on
Updated on

ডিজিটেল সংবাদ, ৰহাঃ পুনৰ যৌতুকৰ বলি হ'ল এগৰাকী বোৱাৰী৷ যৌতুকৰ বাবে মৃত্যুক সাৱটিবলগীয়া হোৱা বোৱাৰীগৰাকী হৈছে ৰহাৰ বৰুৱাখাট অমৰাৱতীৰ নীৰেন নাথৰ বৰ জীয়াৰী মালবিকা দেৱী৷ এই অভিযোগ মালবিকাৰ পিতৃ মাতৃৰ লগতে আত্মীয়ৰ৷ প্ৰাপ্ত তথ্য মতে, প্ৰায় ৮বছৰমানৰ পূৰ্বে মালবিকাৰ বিবাহ হৈছিল মায়ঙৰ ম বড়ি চুকৰ হিতেশ্বৰ নাথৰ পুত্ৰ নাৰায়ন নাথৰ লগত আৰু প্ৰায় ৮/৯মাহমানৰ পূৰ্বৰ পৰা স্বামীৰ লগত আছিল গৈ তামিলনাডুত৷

স্বামী নাৰায়ন নাথ তামিলনাডুৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল আৰু ১৮জুনৰ দিনা স্বামীয়ে মালবিকাক জুই লগাই দিয়াৰ অভিযোগ পিতৃ মাতৃৰ লগতে আত্মীয়ৰ৷ ১৮ জুনত জুই লগাই দিয়াৰ পাচত তামিলনাডুতে চিকিৎসাধীন হৈ থকা মালবিকাই আজি ৰাতি প্ৰায় ৩মান বজাত মৃত্যুক সাৱটিলে মালবিকাই।

৪মাহৰ অন্তঃসত্বা মালবিকাক যৌতুকৰ বাবে জুই লগাই হত্যা কৰাৰ অভিযোগ উৎথাপন কৰি পিতৃৃ মাতৃৰ লগত আত্মীয়ই মালবিকাৰ হত্যাৰ উচিত তদন্ত দাবী কৰাৰ লগতে উচিত শাস্তিৰো দাবী কৰিছে৷ উল্লেখ্য যে, ৪মহীয়া অন্তঃসত্বা মালবিকা অগ্নিদগ্ধ হৈ মৃত্যু সাৱটিব লগীয়া ঘটনাটোত স্বামীও ৰহস্যজনকভাবে অগ্নিদগ্ধ হয়৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in