ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ...

সোমবাৰে পুৱা আত্মসমৰ্পণ ৰাহুলৰ

author-image
Asomiya Pratidin
New Update
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ...

rahul

ডিজিটেল ডেস্ক : ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ। সোমবাৰে পুৱা ৬ বজাত লেখাপানী আৰক্ষী থানাত আত্মসমৰ্পণ কৰে ৰাহুল চেত্রীয়ে। উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং বিতৰ্কত সাঙোৰ খাইছিল ৰাহুল নাম। ঘটনা সংঘটিত হোৱা দিনৰে পৰা পলাতক আছিল ৰাহুল চেত্রী।

ইতিমধ্যে ৰাহুল চেত্রীক নিজৰ জিম্মাত লৈছে ডিব্রুগড় আৰক্ষীয়ে। আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত আছিল ৰাহুল। ৰাহুল চেত্ৰী ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদকো আছিল।

আৰু পঢ়ক : থলুৱাক প্ৰতাৰণা ! আৰক্ষী বাহিনী লৈ উৰিয়াগাঁৱত কোন এই আগৰৱালা?

assam dibrugarh dibrugarh university