'কংগ্ৰেছৰ কৰুণা, দয়াত আঞ্চলিক দলবোৰ চলি থকা নাই'- অখিল গগৈ

কংগ্ৰেছে কৰা ভুলৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজা উচিত
'কংগ্ৰেছৰ কৰুণা, দয়াত আঞ্চলিক দলবোৰ চলি থকা নাই'- অখিল গগৈ
'কংগ্ৰেছৰ কৰুণা, দয়াত আঞ্চলিক দলবোৰ চলি থকা নাই'- অখিল গগৈ
Published on
Updated on

ডিজিটেল ডেস্কঃ 'গৌৰৱ গগৈয়ে এটা হিটলাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। গৌৰৱ গগৈয়ে লোৱা অকলশৰীয়া সিদ্ধান্তই আমাক অপমানিত কৰিছে। গৌৰৱ গগৈয়ে তেওঁৰ অহংকাৰ ত্যাগ কৰা উচিত।'- এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ।

বিহালী সমষ্টিক কেন্দ্ৰ কৰি অসম সন্মিলিত মৰ্চাত ভাঙোন সৃষ্টি হোৱাৰ পাছতে কংগ্ৰেছ দল সমালোচনাৰ সন্মুখীন হৈ আহিছে। সমষ্টিটো কংগ্ৰেছে মিত্ৰদলক এৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ো শেষ মুহূৰ্তত গৌৰৱ গগৈৰ কথা মতেই জয়ন্ত বৰাক কংগ্ৰেছে দলে সমষ্টিটোত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰে।

ইয়াকে লৈ কংগ্ৰেছ নেতৃত্ব সমালোচিত হৈ আহিছে। আজি অখিল গগৈয়ে গৌৰৱ গগৈক সমালোচনা কৰি কয়, গৌৰৱ গগৈয়ে এটা হিটলাৰী সিদ্ধান্ত লৈছে। গৌৰৱ গগৈয়ো লোৱা অকলশৰীয়া সিদ্ধান্তই আমাক, আমাৰ দল বিলাকক অপমানিত কৰিছে।

তেওঁ পুনৰ কয়, গৌৰৱ গগৈৰ এই সিদ্ধান্তই হয়তো তেওঁলোকক কেইটামান ভোট দিয়াব। যদি কেনেবাকৈ গৌৰৱ গগৈৰ প্ৰাৰ্থী জয়ী হৈয়ো তেন্তে গৌৰৱ গগৈৰ অহংকাৰ বৃদ্ধি পাব। এই মুহূৰ্তত গৌৰৱ গগৈয়ে তেওঁৰ অহংকাৰ ত্যাগ কৰিব লাগে। গৌৰৱ গগৈ বাস্তৱবাদী হ'ব লাগে।

আজিৰ তাৰিখত কংগ্ৰেছে অকলেই বিজেপিক পৰাস্ত কৰাৰ ক্ষমতা নাই বুলি উল্লেখ কৰি গগৈয়ে পুনৰ কয়, এটা কথা কংগ্ৰেছে মনত ৰখা দৰকাৰ আজিৰ বাস্তৱ পৰিস্থিতিত ভাৰত আৰু অসমত কংগ্ৰেছৰ অকলশৰীয়াকে বিজেপিক হৰুৱাব পৰা ক্ষমতা নাই। কেৱল সংখ্যালঘু এলেকাত কংগ্ৰেছে অকলশৰীয়াকে বিজেপিক হৰুৱাৰ বাহিৰে ভাৰতবৰ্ষ বা অসমৰ অন্য ঠাইবিলাকত এই মুহূৰ্তত অকলশৰীয়াকৈ বিজেপিক কংগ্ৰেছে হৰুৱাব পৰা ৰাজনৈতিক অৱস্থা উদয় হোৱা নাই।

ৰাষ্ট্ৰীয় দল আৰু আঞ্চলিক দল আৰু যিমানবিলাক বামপন্থী, গণতান্ত্ৰিক দল আছে, নৃগোষ্ঠীয়, জনগোষ্ঠীয় যিবোৰ দল আছে আটাইবোৰ সন্মিলিত হৈহে এই মুহূৰ্তত আমি ফেচীবাদী, সাম্প্ৰদায়িক বিজেপিক শাসনৰ পৰা আঁতৰাবৰ বাবে, পৰাজিত কৰিবলৈ সামৰ্থ অৰ্জন কৰিছো। কিন্তু কংগ্ৰেছে ভাবি লৈছে অকলেই এই মুহূৰ্তত বিজেপিক পৰাভূত কৰিব পাৰিব। এই অৱস্থা তেওঁলোকৰ এতিয়ালৈকে অহা নাই।

তেওঁ কয়, গৌৰৱ গগৈ, ভূপেন বৰা, জীতেন্দ্ৰ সিংহঁতে এই কথাবোৰ যেতিয়ালৈকে উপলব্ধি নকৰিব, এই বাস্তৱক যেতিয়ালৈকে স্বীকাৰ নকৰিব, ঐক্যবদ্ধতাৰ কথা নক'ব তেতিয়ালৈকে আমি কেতিয়াও বৰ্তমানৰ বিজেপি, আৰ এছ এছৰ সাম্প্ৰদায়িক ফেচীবাদী ৰাজনীতি, দেশৰ অৰ্থনীতি বিক্ৰী কৰি দিয়াৰ ৰাজনীতি, মূল্যবৃদ্ধিৰ ৰাজনীতি, দেশৰ সম্পদ কৰ্পোৰেটৰ হাতত তুলি দিয়াৰ ৰাজনীতি প্ৰতিহত কৰিব নোৱাৰিম। সেয়ে বিশেষকৈ কংগ্ৰেছ দলক সকিয়াই দিব খুজিছো, তেওঁলোকৰ মতিভ্ৰম হৈছে।তেওঁলোকে সঠিক সিদ্ধান্ত লব লাগে।

কংগ্ৰেছে অকলশৰীয়াকৈ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্তক ভুল সিদ্ধান্ত আখ্যা দি অখিল গগৈয়ে ইয়াৰ বাবে কংগ্ৰেছ নতৃত্বই ক্ষমা খুজিব লাগে বুলিও দাবী কৰে। তেওঁ কয়, কংগ্ৰেছৰ ভুল সিদ্ধান্তৰ বাবে ৰাজহুৱাকৈ ক্ষমা খুজিব লাগে। এই ভুলৰ বাবে ভূপেন বৰাই ৰাজহুৱাকৈ ক্ষমা নখুজি আকৌ আমাৰ প্ৰাৰ্থীক প্ৰতাৰিত কৰিবলৈ যিদৰে তেওঁ নতুনকৈ এটা মেডিয়া পলিটিক্স আৰম্ভ কৰিব খুজিছে এইটো বন্ধ কৰিব লাগে।

আনহাতে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰসংগত অখিল গগৈয়ে কয়, কংগ্ৰেছে কাক আসন দিব সেইটোৰ ওপৰত আমাৰ সিদ্ধান্ত গ্ৰহণ নহয়। কংগ্ৰেছক আমি কিমান আসন দিম সেয়াও এক গুৰুত্বপূৰ্ণ কথা।

আঞ্চলিক ৰাজনৈতিক দলসমূহ কংগ্ৰেছৰ কৰুণা আৰু দয়াত চলি থকা নাই বুলি উল্লেখ কৰি অখিল গগৈয়ে কংগ্ৰেছক সমালোচনাৰে কয়, যদি কংগ্ৰেছে ভাবিছে তেওঁলোকৰ দয়া আৰু কৰুণাৰ ওপৰত আঞ্চলিক দলবিলাক চলি আছে তেন্তে তেওঁলোক মুৰ্খৰ স্বৰ্গত বাস কৰি আছে। কংগ্ৰেছৰ অহংকাৰ কমাব লাগিব।

তেওঁলোকে আমাক দিব, তেওঁলোকৰ দয়াৰ ওপৰত চলিম, তেওঁলোকৰ কথা মতে চলিম আৰু চৰকাৰ কৰাৰ পাছত এজিপিয়ে যেনেকৈ বিজেপিৰ কথা মতে, ইউ পি পি এলে যেনেকৈ বিজেপিৰ কথা মতে, সকলো জাতীয় স্বাৰ্থ পৰিহাৰ কৰিছে তেনেকৈ যদি আমিও পৰিহাৰ কৰিম বুলি ভাবিছে তেতিয়াহলে তেওঁলোকে মুৰ্খৰ স্বৰ্গত বাস কৰিছে। ৰাইজৰ দলক তেওঁলোকে যিকোৱা নাই । সেয়ে কংগ্ৰেছ দলক এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক কথা নকবলৈ সকিয়াই দিছো।

'কংগ্ৰেছৰ কৰুণা, দয়াত আঞ্চলিক দলবোৰ চলি থকা নাই'- অখিল গগৈ
দীপাৱলী উপলক্ষে বন্ধ ঘোষণা কামৰূপ (ম) জিলা প্ৰশাসনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in