ডিজিটেল সংবাদ, লামডিং : ভাৰতবৰ্ষত অনুষ্ঠিত হ'ল চাকৰি মেলা (ৰৌজগাৰ মেলা)৷ বৃহস্পতি বাৰে দেশৰ ৭১,৫০৬ জন নিবনুৱাক চৰকৰী নিযুক্তি দিলে ভাৰত চৰকাৰে ৷ ২০২২ বৰ্ষত পৰা আৰম্ভ কৰা এই ৰৌজগাৰ মেলা এইবাৰো অনুষ্ঠিত হয় ৷ সমগ্ৰ দেশৰ লগতে বৃহস্পতি বাৰে উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ তিনিটা ডিভিচনত প্ৰদান কৰা হ'ল চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ ৷
শিলুগুৰি, মালিগাওঁৰ লগতে নাগালেণ্ডৰ ডিমাপুৰত লামডিং ৰে'লৱে ডিভিচনে অনুষ্ঠিত কৰিলে ৰৌজগাৰ মেলা ৷ লামডিঙ ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক গৰাকীৰ উদ্যোগত ডিমাপুৰত অনুষ্ঠিত হোৱা ৰজগাৰ মেলাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফেৰঞ্চৰ জৰিয়তে মুকলি কৰে এই ৰৌজগাৰ মেলাৰ অনুষ্ঠান ৷
মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু মাণ্ডলিক প্ৰৱন্ধক গৰাকীয়ে ডিমাপুৰত দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৭৫ গৰাকীকৈ যুৱক-যুৱতীক প্ৰদান কৰিলে চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ ৷ এই নিযুক্তি প্ৰক্ৰিয়াত ৭০ শতাংশই ৰে'ল বিভাগত নিযুক্তি লাভ কৰাৰ বিপৰীতে স্বাস্থ্য বিভাগ, প্ৰতিৰক্ষা বিভাগ, বিত্ত বিভাগ, ডাক সেৱাৰ লগতে বহু বিভাগত নিযুক্তি পত্ৰ প্ৰদান কৰে।
Also Read: ২৭ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি ঢকুৱাখনাত বিহুৰ আখৰা...