ৰাজ্যসভাৰ দ্বিতীয়খন আসনত বিজেপিৰ কোন হ'ব প্ৰাৰ্থী? চৰ্চাত আদিত্য খাকলাৰীৰ নাম...

৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব অসমৰ দুখন আসনৰ নিৰ্বাচন
ৰাজ্যসভাৰ দ্বিতীয়খন আসনত বিজেপিৰ কোন হ'ব প্ৰাৰ্থী? চৰ্চাত আদিত্য খাকলাৰীৰ নাম...
ৰাজ্যসভাৰ দ্বিতীয়খন আসনত বিজেপিৰ কোন হ'ব প্ৰাৰ্থী? চৰ্চাত আদিত্য খাকলাৰীৰ নাম...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যসভা নিৰ্বাচনত দুখন আসনৰ বাবে ১১ জন প্ৰাৰ্থীৰ পেনেল ইতিমধ্যে প্ৰস্তুত কৰিছে শাসকীয় বিজেপিয়ে। কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত ১২ আগষ্টত অনুষ্ঠিত নিৰ্বাচনী কমিটীৰ বৈঠকত প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ এই পেনেল প্ৰস্তুত কৰিলেও এতিয়ালৈকে চূড়ান্ত হোৱা নাই কোনে পাব প্ৰাৰ্থিত্ব।

সৰ্বানন্দ সোণোৱালে প্ৰতিধিনিত্ব কৰা এখন আসনৰ বাবে চৰ্চাত আছে ৰামেশ্বৰ তেলীৰ নাম। ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা আসনখনত ৰাজ্যসভালৈ প্ৰেৰণ কৰাতো প্ৰায় নিশ্চিত।

সৰ্বানন্দ সোণোৱালক ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বিপৰীতে ৰামেশ্বৰ তেলীক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা আঁতৰাই ৰখা হৈছিল। আনহাতে কামাখ্যা প্ৰসাদ তাছাই প্ৰতিনিধিত্ব কৰা দ্বিতীয়খন ৰাজ্যসভাৰ আসনৰ বাবে বিজেপিয়ে নতুন মুখৰ সন্ধান কৰিছে বুলি জানিব পৰা গৈছে।

যদিও তপন গগৈ, ৰাজদ্বীপ ৰয়, মিছন ৰঞ্জন দাস, ৰেখাৰাণী দাস বড়ো, ৰূপম গোস্বামী আদিয়ে এই আসনখনৰ বাবে প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছে কিন্তু সামাজিক, সাংস্কৃতিক তথা শিক্ষা আদি ক্ষেত্ৰৰ সৈতে জড়িত কোনো প্ৰতিষ্ঠিত লোকক এই আসনখনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে কুচকাৱাজ চলিছে।

সেই সময়তে চৰ্চালৈ আহিছে দীৰ্ঘদিন ধৰি জনজাতিসকলৰ অধিকাৰৰ হকে সংগ্ৰামক নেতৃত্ব দিয়া বিশিষ্ট জনজাতীয় নেতা আদিত্য খাকলাৰীৰ নাম। ইতিমধ্যে বিভিন্নজনে খাকলাৰীক ৰাজ্যসভালৈ প্ৰেৰণ কৰি এগৰাকী সৱল জনজাতীয় প্ৰতিনিধিক এই সুযোগ দিবলৈ আহ্বান জনাইছে।

উল্লেখযোগ্য যে, অসমৰ প্ৰায়োবৰ জনগোষ্ঠীয় সংগঠনৰ সৈতে সু-সম্পৰ্ক থকা খাকলাৰী এজন সৰ্বগ্ৰহণযোগ্য জনজাতীয় নেতা। অৱশ্যে অল আছাম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰীৰ নাম ৰাজ্যিক বিজিপিয়ে বিবেচনা কৰে নে নকৰে সেয়া লক্ষ্যণীয় হ'ব।

ৰাজ্যসভাৰ দ্বিতীয়খন আসনত বিজেপিৰ কোন হ'ব প্ৰাৰ্থী? চৰ্চাত আদিত্য খাকলাৰীৰ নাম...
মিজোৰামত বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি জব্দ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in