৬ বছৰ ৪ মাহৰ অন্তত মুকলি আকাশৰ তললৈ দুৰ্নীতিৰ সদাগৰ ৰাকেশ পাল...

৬ বছৰ ৪ মাহৰ অন্তত মুকলি আকাশৰ তললৈ দুৰ্নীতিৰ সদাগৰ ৰাকেশ পাল...
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰায় ৬ বছৰ ৪ মাহ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী হৈ থকাৰ পাছত মুকলি আকাশৰ তললৈ অহাৰ বাট প্ৰশস্ত হয় দুৰ্নীতিৰ সদাগৰ ৰাকেশ পালৰ। এপিএছপিৰ প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে চাকৰিৰ এখন বজাৰ মেলি বহি আছিল।

ধনৰ বিনিময়ত এচিএছ, এপিএছ আৰু এপিএছচিয়ে অনুষ্ঠিত কৰা পৰীক্ষাৰ চাকৰি বিক্ৰী হৈছিল ৰাকেশ পালৰ নেতৃত্বতে। দীৰ্ঘদিন ধৰি চলি থকা এই অনিয়ম আৰু দুৰ্নীতিৰ কথা পোহৰলৈ আহিছিল ডা০ অংশুমিতা গগৈ নামৰ সাহসী মহিলা গৰাকীৰ অভিযোগৰ পাছত।

ডিব্ৰুগড় আৰক্ষীয়ে ৰাকেশ পালক ২০১৬ চনৰ ৪ নৱেম্বৰত গ্ৰেপ্তাৰ কৰিছিল। ডিব্ৰুগড় থানাত ৰুজু হৈছিল ৯৩৬/১৬ নম্বৰৰ এক গোচৰ। আৰক্ষী বিষয়া সুৰজিত সিং পানেচৰৰ নেতৃত্বত চলিছিল এই তদন্ত।

তদন্তত পোহৰলৈ আহিছিল বহু বিস্ফোৰক তথ্য। এপিএছচি পৰীক্ষাৰ নকল অএমআৰ শ্বিট ছপা কৰি লৈছিল এই চক্ৰই । ৰাকেশ পালৰ ভাতৃৰ এটা ছপা শাল আছিল। ৰাজীৱ পাল নামৰ সেই ভায়েকৰ ছপাশালতেই এইবোৰ ছপা কৰিছিল। বক্ৰ পথেৰে চাকৰি লোৱা সকলে চাকৰি হেৰুৱাইছিল।

আৰক্ষীয়ে এই গোচৰত এপিএছচিৰ কেইবাজনো সদস্য, পৰীক্ষা নিয়ন্ত্ৰক, বিষয়া, দালাল,মধ্যভোগী সহ ৬০ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। সেই সময়ত ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছিল এই কেলেংকাৰীয়ে।

প্ৰতিটো খোজতেই যেন দুৰ্নীতি আছিল ৰাকেশ পালৰ মুখ্য উদ্দেশ্য। কৃষি বিষয়া নিযুক্তিটো হৈছিল ধনৰ লেন-দেন। সেই অভিযোগৰ ভিত্তিত ৰাকেশ পালৰ বিৰুদ্ধে ভঙাগড় থানাত ৰুজু হৈছিল আন এটা গোচৰ। এই গোচৰৰ নম্বৰ আছিল ১৫৯/২০১৭।

ৰাকেশ পালৰ বিৰুদ্ধে এপিএছচি কেলেংকাৰীৰ মুঠ ৫ টা গোচৰ ৰুজু কৰা হৈছিল। চি আই ডি দিশপুৰ থানাত ৰুজু হৈছিল তেওঁৰ বিৰুদ্ধে গোচৰ। ভঙাগড় থানাৰ গোচৰটোৰ বাদে বাকী ৪ টা গোচৰত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিছিল।

৭ বাৰকৈ জামিন আবেদন কৰিছিল ৰাকেশ পালে। অৱশেষত ভঙাগড় থানাৰ গোচৰটোত জামিন লাভ কৰাত কাৰাগাৰৰ পৰা বাহিৰ হোৱাৰ বাট মুকলি হ'ল ৰাকেশ পালৰ । অৱশ্যে তেওঁৰ ভাতৃ ৰাজীৱ পালক এতিয়াও আৰক্ষীয়ে বিচাৰি পোৱা নাই। এই কেলেংকাৰীৰ অন্যতম খলনায়ক আছিল ৰাজীৱ পাল।

সন্দেহ কৰাৰ আগতে ৰাজীৱ পাল পলাই আছে নেপালত। মুকলি আকাশৰ তললৈ আহিলেও কিমান দিন ৰাকেশ পাল মুকলি আকাশৰ তলত থাকিব সেয়া সন্দেহ আছে। কিয়নো চিবিআইয়ে ৰুজু কৰি থোৱা আন এক গোচৰত ৰাকেশ পাল জেৰাৰ সন্মুখীন হোৱাৰ সম্ভাৱণা আছে। ৰাকেশ পালৰ সম্পত্তি ইতিমধ্যে বাজেয়াপ্ত কৰা হৈছে।

৬ বছৰ ৪ মাহৰ অন্তত মুকলি আকাশৰ তললৈ দুৰ্নীতিৰ সদাগৰ ৰাকেশ পাল...
ভুৱা তথ্যৰে আৰক্ষীক মাটি বিক্ৰী কৰিলে বিজেপি নেতাই, গোচৰ ৰুজু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in