ৰকিবুল হুছেইনৰ দাবীঃ খিৰিকী, ভেণ্টিলেছনৰেও কংগ্ৰেছত সোমাবলৈ দিয়া নহ'ব AIUDF ৰ বিধায়কক

সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে মানকাচৰত সম্বৰ্ধনা গ্ৰহণ কৰি দিলে এই মন্তব্য
ৰকিবুল হুছেইনৰ দাবীঃ খিৰিকী, ভেণ্টিলেছনৰেও কংগ্ৰেছত সোমাবলৈ দিয়া নহ'ব AIUDF ৰ বিধায়কক
ৰকিবুল হুছেইনৰ দাবীঃ খিৰিকী, ভেণ্টিলেছনৰেও কংগ্ৰেছত সোমাবলৈ দিয়া নহ'ব AIUDF ৰ বিধায়কক
Published on
Updated on

ডিজিটেল সংবাদ মানকাচৰঃ লোকসভা নিৰ্বাচনৰ পাচত এ আই ইউ ডি এফৰ একাংশ বিধায়ক কংগ্ৰেছত যোগদান কৰিব বুলি ওলোৱা খবৰক লৈ আজি মানকাচৰত ধুবুৰীৰ নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। এ আই ইউ ডি এফৰ বিধায়কসকল দৰ্জা বা খিৰকী কিয়, ঘৰৰ ভেণ্টিলেছন দি সোমালেও যাতে কংগ্ৰেছত যোগদান কৰিব নোৱাৰে তাৰ বাবে কংগ্ৰেছ নেতৃত্বত দাবী জনাব বুলি উল্লেখ কৰিছে।

ধুবুৰীৰ পৰা নৱ নিৰ্বাচিত সাংসদ ৰকিবুল হুছেইন আহি মানকাচৰ বিধানসভা সমষ্টিৰ হাটশিঙিমাৰীত উপস্থিত হৈ এই দাবী কৰিছে। সাংসদ হিচাপে শপত গ্ৰহণৰ পূৰ্বে সমষ্টিবাসীৰ সৈতে মত বিনিময় কৰাৰ লগতে ঈদৰ শুভেচ্ছা দিবলৈ মানকাচৰত সম্বৰ্ধনা সভা অনুষ্ঠিত কৰে।

সাংসদ হিচাপে নিৰ্বাচিত হৈ প্ৰথমবাৰৰ বাবে তেওঁ মানকাচৰত উপস্থিত হয়। মানকাচৰ সমষ্টিৰ লগতে ধুবুৰীৰ মুখ্য সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত তেওঁ ৰাইজৰ সৈতে আলোচনা কৰি সমাধানৰ চেষ্টা চলাব বুলি আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত মতামত প্ৰকাশ কৰে।

নিৰ্বাচনৰ পূৰ্বে তেওঁ নিৰ্বাচনী সভাত কোৱা মতে ভোট লাভ কৰা বুলি দাবী কৰে। নিৰ্বাচনৰ পূৰ্বে তেওঁ কৈছিল, ধুবুৰীত এইবাৰ দুই আৰু তিনি নম্বৰৰ বাবে প্ৰতিদ্বন্দিতা হ'ব। প্ৰথমজনৰ লগত কোনো প্ৰতিদ্বন্দিতা নহয়।

সেই মতেই ফলাফল হোৱাত আজি তেওঁ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তদুপৰি মানকাচৰ সমষ্টিৰ পৰা নিকটবৰ্তী প্ৰাৰ্থী জাবেদ ইছলামৰ সৈতে ৰকিবুল হুছেইন ১ লাখ ভোটত জয়ী হোৱাৰ লগতে দেশৰ ভিতৰত তেওঁ সৰ্বাধিক ভোটৰ ব্যৱধানত জয়ী হৈছে।

ৰকিবুল হুছেইনৰ দাবীঃ খিৰিকী, ভেণ্টিলেছনৰেও কংগ্ৰেছত সোমাবলৈ দিয়া নহ'ব AIUDF ৰ বিধায়কক
অহংকাৰী হৈছে বিজেপি ! আৰ এছ এছৰে বাঢ়িছে দূৰত্ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in