ৰাজ্যপাল হিচাপে কেতিয়া শপত গ্ৰহণ কৰিব ৰমেন ডেকাই?

২৭ জুলাইতে ৰাষ্ট্ৰপতিয়ে দিলে নিযুক্তি
ৰাজ্যপাল হিচাপে কেতিয়া শপত গ্ৰহণ কৰিব ৰমেন ডেকাই?
ৰাজ্যপাল হিচাপে কেতিয়া শপত গ্ৰহণ কৰিব ৰমেন ডেকাই?
Published on
Updated on

ডিজিটেল ডেস্কঃ ছত্তীশগড়ৰ ৰাজ্যপাল হিপাচে নিযুক্তি লাভ কৰা প্ৰাক্তন বিজেপি সাংসদ তথা অসম বিজেপিৰ জ্যেষ্ঠ নেতা ৰমেন ডেকাই অহা ৩১ জুলাইত শপতগ্ৰহণ কৰিব। ছত্তীশগড়ৰ ৰাজভৱনত অনুষ্ঠিত হ'বলগীয়া এই শপতগ্ৰহণ অনুষ্ঠানত তেওঁক শপত বাক্য পাঠ কৰাব ৰাজ্যখনৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰমেশ সিনহাই।

উল্লেখ্য যে, মঙলদৈ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাই অসম বিজেপিৰো সভাপতি পদত অধিস্থিত আছিল। বিজেপি গঠনৰ পূৰ্বে ১৯৭৭ চনতে ৰমেন ডেকাই জন সংঘৰ অসম শাখাৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্বগ্ৰহণ কৰিছিল।

১৯৮০ চনত বিজেপি গঠনৰ সময়ৰে পৰা ৰমেন ডেকা দলটোৰ সদস্য হৈ আছে। এই সময়চোৱাত তেওঁ দলে দিয়া বিভিন্ন দায়িত্ব পালন কৰিছিল। তেওঁ অসম বিজেপিৰ মুখপাত্ৰৰ পৰা আৰম্ভ কৰি ৰাজ্যিক সাধাৰণ সম্পাদক, ৰাজ্যিক উপ-সভাপতি, ২০০৫ চনৰ পৰা ২০০৯ চনলৈ ৰাজ্যিক সভাপতিৰ দায়িত্ব পালন কৰিছিল ডেকাই।

২০০৯ চনৰ পৰা ২০১৯ চনলৈকে দুটাকৈ কাৰ্যকাল মঙলদৈ লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱা ৰমেন ডেকাই সংসদৰো কেইবাখনো গুৰুত্বপূৰ্ণ কমিটীৰ সদস্য হৈছিল। অৱশ্যে ২০১৯ আৰু ২০২৪ নিৰ্বাচনত দলে তেওঁক টিকট দিয়া নাছিল।

তাৰ পাছতো দলৰ প্ৰতি আগবঢ়োৱা দীঘলীয়া সময়ৰ সেৱা আৰু আস্থাৰ উপহাৰ হিচাপে তেওঁক ৰাজ্যপালৰ এই পদ দিয়া হৈছে। যোৱা ২৭ জুলাইত তেওঁক ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ছত্তীশগড়ৰ দশমগৰাকী ৰাজ্যপাল হিচাপে নিযুক্তি প্ৰদান কৰিছিল।

ৰমেন ডেকাৰ উপৰিও অসম আৰু ত্ৰিপুৰাৰ ৰাজ্যপাল হিচাপে লক্ষ্মণ প্ৰসাদ আচাৰ্য, হৰিভাউ কিষাণৰাও বাগড়েক ৰাজস্থানৰ ৰাজ্যপাল, জিষ্ণু দেৱ বৰ্মাক তেলেংগানাৰ ৰাজ্যপাল, সন্তোষ কুমাৰ গাংৱাৰক ঝাৰখণ্ডৰ ৰাজ্যপাল, চি পি ৰাধাকৃষ্ণণক মহাৰাষ্ট্ৰৰ ৰাজ্যাপাল, কে কৈলাশনাথনক পুডুচেৰীৰ লেফটেনেণ্টে গভৰ্নৰ হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে।

ৰাজ্যপাল হিচাপে কেতিয়া শপত গ্ৰহণ কৰিব ৰমেন ডেকাই?
মণিপুৰৰ ডেৰ বছৰীয়া সংঘৰ্ষঃ এন বীৰেন সিঙেৰে মোডীৰ ২০ মিনিটৰ বৈঠক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in