New Update
২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। ২৫.২৬ আৰু ২৭ ফেব্ৰুৱাৰীত অসমতে থাকিব ৰাষ্ট্ৰপতি গৰাকী।
অসম ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি গৰাকীৰ কাৰ্যসূচী সমূহ-
২৫ ফেব্ৰুৱাৰী-
- ১২.৪৫ বজাত উপস্থিত হ'ব গুৱাহাটী বিমান বন্দৰত।
- ১.২৫ বজাৰ পৰা ২ বজালৈ থাকিব কামাখ্য মন্দিৰত।
- ২.১৫ বজাত উপস্থিত হ'ব ৰাজভৱনত। দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ৰাজভৱনতে থাকিব।
২৬ ফেব্ৰুৱাৰী-
- পুৱাৰ আহাৰ গ্ৰহণ।
- ৯.২০ বজাত ৰাজভৱনৰ পৰা ওলাই ৯.৫০ বজাত উপস্থিত হ'ব গুৱাহাটী বিমান বন্দৰত।
- ১০.৩০ বজাত উপস্থিত হ'ব তেজপুৰ বিমান বন্দৰত।
- ১০.৩০ ৰ ভিতৰত উপস্থিত হ'ব তেজপুৰ বিশ্ববিদ্যালয়ত।
- ১১ বজাৰ পৰা ১২ বজাৰ ভিতৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত অংশগ্ৰহণ কৰিব।
- ১ বজাত কাজিৰঙাৰ ৰিজৰ্টত গ্ৰহণ কৰিব দুপৰীয়াৰ আহাৰ।
- ৩ বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীপ চাফাৰী।
- সন্ধিয়া ৭ বজাত উপস্থিত হ'ব কাজিৰঙাৰ বৰগছ ৰিজৰ্টত আৰু নিশা তাতে কটাব।
- সংৰক্ষণৰ ওপৰত ফটো আৰু আৰ্কাইভেল প্ৰদৰ্শনীৰ উদ্বোধন।
২৭ ফেব্ৰুৱাৰী-
- পুৱা ৫.৫০ বজাৰ পৰা ৭.৫০ বজালৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতী চাফাৰী।
- ১.১০ বজাত বোকাখাতত উপস্থিত হ'ব ৰাষ্ট্ৰপতি গৰাকী।
- ২বজাত তেওঁ আইজললৈ উৰা মাৰিব।