শৰৎ এনে এটা ঋতু, যিটো ঋতুৱে সৃষ্টিৰ বাবে স্ৰষ্টাক অনুপ্ৰেৰণা যোগায় : জয়ন্ত বৰুৱা

ৰামপুৰ আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজাৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন, বেণ্ড-ঢুলীয়া,আয়তীৰ উৰুলি,শংখ-ঘণ্টা ধ্বনিৰে আদৰণি জয়ন্ত বৰুৱাক

author-image
Asomiya Pratidin
New Update
শৰৎ এনে এটা ঋতু, যিটো ঋতুৱে সৃষ্টিৰ বাবে স্ৰষ্টাক অনুপ্ৰেৰণা যোগায় : জয়ন্ত বৰুৱা

ডিজিটেল ডেস্ক :  "শৰৎ এনে এটা ঋতু, যিটো ঋতুৱে সৃষ্টিৰ বাবে স্ৰষ্টাক অনুপ্ৰেৰণা যোগায়। এই ঋতুক উদ্দেশ্যিয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই ভালেসংখ্যক গীতৰ সৃষ্টি কৰিছে। কবিয়ে কবিতা সৃষ্টি কৰিছে।"- ৰামপুৰৰ দুৰ্গা পূজাত উপস্থিত থাকি এইদৰে মন্তব্য কৰে সাদিন- প্ৰতিদিনৰ অধ্যক্ষ জয়ন্ত বৰুৱাই।

  User
User

বুধবাৰৰ পৰা ৰামপুৰ আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজাৰ মহাৰজত জয়ন্তী বৰ্ষ উদযাপন কৰা হয়। মহাৰজত জয়ন্তী উৎসৱৰ স্মৃতি গ্ৰন্থ বুধবাৰে সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত উন্মোচন কৰা হয়। স্মৃতিগ্ৰন্থখন উন্মোচন কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই।

আজি মহাষষ্ঠীৰ দিনা উদ্যোক্তাসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰি জয়ন্ত বৰুৱা ৰামপুৰত উপস্থিত হোৱা মাত্ৰকে ইতিপূৰ্বে সাজু হৈ থকা গায়ন-বায়ন, বেণ্ড-ঢুলীয়া সমন্বিতে আয়তীৰ দল আৰু পূজা সমিতিৰ শতাধিক বিষয়ববীয়াই ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পূজা মণ্ডপলৈ উৰুলি দিয়াৰ লগতে শংখ-ঘন্টাৰে মঙ্গল ধ্বনি দি মূল পূজা মণ্ডপলৈ আদৰি নিয়ে।

ইয়াৰ পিছতে বৰুৱাই মহাৰজত জয়ন্তীৰ মঞ্চত আনুষ্ঠানিকভাৱে স্মৃতিগ্ৰন্থখনি উন্মোচন কৰি সাৰগৰ্ভ বক্তৃতা প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ কয়- ৭৫ বছৰীয়া ৰামপুৰ সাৰ্বজনীন দুর্গা পূজাস্থলীত উপস্থিত হ'বলৈ পাই নিজকে ধন্য মানিছো। এই পূজাস্থলীৰ পৰাই আপোনালোক সকলোকে শাৰদীয় ওলগ আৰু শুভ কামনা জ্ঞাপন কৰিছো।

মা দুর্গাই সকলোৰে আগন্তুক দিনবোৰ মংগলময় কৰি তোলাৰ বাবে প্ৰাৰ্থনা জনাই জয়ন্ত বৰুৱাই। তেঁও লগতে কয় যে, এতিয়া শৰতৰ বতৰ। এই শৰতৰ বৰ্ণনা কৰি শংকৰদেৱে কৈছিল- 'শৰৎ সমান নাই সুখ কাল।' সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই তেওঁৰ গীতৰ কথাত শৰতৰ কথা এনেদৰে উল্লেখ কৰিছিল- 'মুগ্ধ মুগ্ধময় আকাশ দেখি, স্নিগ্ধ স্নিগ্ধ ফুল মনেৰে লেখি, মুক্ত মুক্ত কঁহুৱাৰ নাচোনে, হঁহুৱায় নিৰাশাৰ ফাকে ফাকে।'

বৰুৱাই লগতে উল্লেখ কৰে যে - এই আহিনক কোনে আনে ? তাৰ উত্তৰটো পাওঁ নৱকান্ত বৰুৱাৰ কবিতাত। কবিতাৰ পংক্তিৰ উদ্ধৃতি দি তেঁও কয়- 'আহিনক কোনে আনে, নিয়ৰে ক'লে শেৱালিয়ে আৰু শেৱালিয়ে ক'লে নিয়ৰে আনে, দুৱৰিয়ে কোমল হাঁহিৰে ক'লে, দুয়োজনে দুয়োজনে।'

ভাষণ প্ৰসংগত শৰতৰ মহত্ব বৰ্ণনা কৰি সাদিন - প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ বৰুৱাই কয়- এই ঋতুটোৱে হৈছে শৰৎ। যি ঋতুৱে সৃষ্টিৰ বাবে স্রষ্টাক প্ৰেৰণা যোগাই আহিছে যুগে যুগে। কিন্তু অতি পৰিতাপৰ কথা যে শাসকৰ অদূৰদৰ্শী চিন্তা আৰু লোভৰ পৰিণতিত প্ৰকৃতিয়েও হেৰাই পেলাইছে ইয়াৰ ছন্দ। যাৰ বাবে আমি উৎকট গৰমৰ মাজতো বিচাৰিছো শৰতৰ এক সমৃদ্ধি। বিচাৰি পাও যেন পূৰ্বৰ সেই- 'শৰৎ সমান নাই সুখ কাল।'

শাৰদীয় দুর্গা উৎসৱ বুলি ক'লে আমাৰ মনলৈ আহে দুখন ছবি- তথা দুটা প্ৰতীক। ৰাম হৈছে ধৰ্মৰ প্ৰতীক আৰু ৰাৱণ হৈছে অধৰ্মৰ প্ৰতীক। পৰম শক্তিমান ৰাৱণক বধিবলৈ শ্ৰীৰামে একত্ৰিত কৰিছিল প্রাণীকূলক। শাৰদীয় দুৰ্গা পূজা হৈছে অপশক্তিৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ উদাহৰণ।

স্মৃতিগ্ৰন্থখনি উন্মোচন কৰি তেওঁ কয় - এনেবোৰ স্মৃতিগ্ৰন্থত প্রকাশিত হোৱা লেখাবোৰে সেই ঠাইৰ ঐতিহ্য আৰু মহত্ব ধৰি ৰাখে। মই আশা কৰিম এই স্মৃতিগ্রন্থখনত প্রকাশ পোৱা লেখাবোৰে নতুন প্ৰজন্মৰ বাবে ইয়াৰ ইতিহাস, সমাজ-সংস্কৃতিক ধৰি ৰাখিব।

এই দুর্গা পূজাভাগ ৰামপুৰৰ দৰে সংস্কৃতিৱান ঠাইত মুক্তিযোদ্ধা দেৱেন্দ্ৰ চন্দ্ৰ চৌধুৰী, সত্ৰাধিকাৰ চিদানন্দ দেৱ গোস্বামী, ধর্মপ্রাণ দেবেন গোস্বামী, শিক্ষাবিদ অনিল কুমাৰ দাস, ফফলা কলিতা, খুৰমল কৈৱৰ্তৰ দৰে যিসকল নিঃস্বাৰ্থৱান ব্যক্তিৰ নেতৃত্ব তথা তৎপৰতাত প্ৰতিষ্ঠা লাভ কৰিছিল সেই সকলোকে মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো বুলি মন্তব্য কৰে অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই ।

উল্লেখ্য যে ৰামপুৰ আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজাৰ মহাৰজত জয়ন্তী বৰ্ষৰ স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি ভাৰত চন্দ্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত হয় এই উন্মোচনী সভা। সভাত উদযাপন সমিতিৰ সভাপতি দেৱজিৎ দাস, সম্পাদক কমল দাস, কোকৰাঝাৰ জনতা কলেজৰ অধ্যাপিকা লীনা শৰ্মা, বিশিষ্ট বাঁহীবাদিকা বিনু শৰ্মা, প্ৰতিদিন টাইমৰ ৰাজনৈতিক সম্পাদক নয়ন প্ৰতীম কুমাৰ, স্মৃতিগ্ৰন্থৰ সম্পাদকদ্বয় বিমল শৰ্মা আৰু ৰঞ্জন গোস্বামীকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

এই সভাৰ শেষত জয়ন্ত বৰুৱাই প্ৰজাপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যোগত ৰামপুৰৰ পূজা স্থলীত মানৱ প্ৰতিমা প্ৰদৰ্শন অনুষ্ঠানো আনুষ্ঠানিকভাৱে মুকলি কৰে । শেষত সাদিন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষগৰাকীয়ে পূজাস্থলীৰ দেৱীৰ আশীষ গ্ৰহণ কৰে । স্মৃতিগ্ৰন্থ উন্মোচনী সভাৰ পূৰ্বে এখন ধৰ্মালোচনা সভা অনুষ্ঠিত হয়

Also Read: সাৰ্বজনীন বিহামপুৰ দুৰ্গা পূজাৰ মুখপত্ৰ "শৰ্বাণী" উন্মোচন

durga puja rampur