ডিজিটেল ডেস্কঃ ফাগুনে লঠঙা কৰা গছ–বিৰিখৰ কোমল কুঁহিপাতে বিনন্দীয়া কৰি তুলিছে পৰিৱেশ ৷ বৰদৈচিলাই দি থৈ যোৱা বসন্তৰ আগমনৰ বতৰা পাই কুঁহিপাতৰ আঁৰত ৰৈ বিনাইছে কুলিয়ে ৷
থৌকিবাথৌ হৈ পৰিছে অসমীয়াৰ মন ৷ কিয়নো অসমীয়াৰ পদূলিত আগমন ঘটিছে চেনেহৰ ব’হাগৰ বিহুটি ৷ ৰঙালীক আদৰিবলৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে ব্যাপক প্রস্তুতি ৷
ৰাজ্যবাসীৰ সমান্তৰালকৈ দেশৰ ৰাজধানী নতুন দিল্লীৰ পৰা আৰম্ভ কৰি টেমছৰ পাৰলৈকে এতিয়া সকলোতে ৰহালী বিহুৰ ব্যাপক প্ৰস্তুতি । প্ৰৱাসত থাকিলেও প্ৰতিজন অসমীয়াই নিজৰ বাপতি সাহোন ৰঙালী বিহুটি পালনৰ বাবে ব্যস্ত হৈ পৰিছে ।
ইফালে বেংগালুৰুতো আৰম্ভ হৈছে ৰঙালীক আদৰাৰ প্ৰস্তুতি । অসমৰ পৰা প্ৰায় ৩০০০ কিলোমিটাৰ দূৰত্বত থকা অসমীয়া লোকসকলে আয়োজন কৰা বসন্ত উৎসৱৰ কাৰ্যসূচী দেওবাৰৰ পৰা আৰম্ভ হৈছে ।
অসম ছচাইটি অফ বেংগালুৰুৰ উদ্যোগত বেংগালুৰুত অনুষ্ঠিত কৰিছে ‘বসন্ত উৎসৱ ২০২৩’ শীৰ্ষক ৰঙালী বিহুৰ আটকধুনীয়া অনুষ্ঠান । পুলকেশ বৰ্মন, হীৰক জ্যোতি কাকতিকে আদি কৰি একাংশ শিক্ষিত স্বাৱলম্বী যুৱকৰ নেতৃত্বত ব্যাপকভাৱে আয়োজন কৰা হৈছে ২২সংখ্যক বৰ্ষৰ এই ৰঙালী বিহু ।
উল্লেখযোগ্য যে, দেওবাৰে গীতৰ যাদুৰে সকলোকে মোহাচ্ছন্ন কৰিব যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে । বসন্ত উৎসৱৰ এই অনুষ্ঠানত বিহু হুঁচৰি দলৰ বিহু হুঁচৰি প্ৰদৰ্শনৰ লগতে নৰ্থ ইষ্ট ফুড ফেষ্টিভেলো অনুষ্ঠিত কৰিছে ।
ঢোল–পেঁপাৰ শব্দৰে ৰজনজনাব বেংগালুৰুৰ আকাশ–বতাহ । জুবিন গাৰ্গৰ লগতে অসম ছচাইটি অফ বেংগালুৰুৰ উদ্যোগত আয়োজিত হৈছে লাডু পিঠাৰ প্ৰতিযোগিতা, বিহু কুঁৱৰী প্ৰতিযোগিতা ।
Also Read: মানকাচৰত বসন্ত ৰোগৰ আতংক, তিনিখন গাওঁত আক্ৰান্ত ২৬ টাকৈ শিশু...