ডিজিটেল সংবাদ, ৰঙিয়াঃ সমজিলা ৰঙিয়াৰ সমীপৱৰ্তী ৬৭ সংখ্যক কছাৰীমহল বাৰোৱাৰী দুৰ্গা পূজাৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে তুংগত উঠিছে। মধুকুছি দুৰ্গা পূজাখলাত আজি দুৰ্গা পূজাৰ উপলক্ষে পুৱা ৮:৩০ বজাত ধৰ্মধব্বজা উত্তোলন কৰে সমিতিৰ সভাপতি শৰৎচন্দ্ৰ ৰাজবংশীয়ে।
তাৰপিছত স্মৃতি তৰ্পণ আৰু পুৱা ১১ বজাত মুখ্য দ্বাৰ মুকলি কৰে বিধায়ক ভৱেশ কলিতাই। বিধায়কগৰাকীয়ে বাৰোৱাৰী দুৰ্গা পূজাখনৰ আধ্যাত্মিক পৰিৱেশৰ লগত জড়িত হৈ আনন্দ অনুভৱ কৰাৰ লগতে দুৰ্গা পূজাৰ মাহাত্ম্য প্ৰকাশ কৰে।
আনহাতে দ্বাৰ মুকলিৰ পিছতেই বৃক্ষৰোপণ, পৰিৱেশ নিকাকৰণ আৰু সন্ধিয়া দুৰ্গা দেৱীৰ প্ৰতিমা স্থাপন কৰা হয়। শাৰদীয় দুৰ্গাদেৱীৰ বেলবোধনৰ আমন্ত্ৰণ বৰলেচা মতকুছিৰ শিৱেশ্বৰ নাথে কৰে।
ইফালে কাৰ্যসূচী অনুসৰি ষষ্ঠী দিনা পুৱা ৯:৩০ বজাত নিকাকৰণ অভিযান, স্থানীয় আয়তীৰ নাম প্ৰসংগ, আবেলি দৰং জিলাৰ কুমুদ শৰ্মাৰ সংগীবৃন্দৰ ওজাপালি পৰিৱেশন আৰু সন্ধিয়া ষষ্ঠীবিহিত পূজা দেৱীৰ আমন্ত্ৰণ আৰু অধিবাস। তাৰপিছত বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক মঞ্চ উদ্বোধন আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব।
সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই। ইফালে ১০ অক্টোবৰত পুৱা জল আহৰণ, প্ৰভাত বন্দনা,৭:২৪ বজাত সপ্তমী পূজা, স্থানীয় আয়তীৰ নাম, আবেলি আমন্ত্ৰিত অতিথিৰ অভ্যৰ্থনা, ওজাপালি পৰিবেশন, বন্তি প্ৰজ্বলনৰ পিছত সন্ধিয়া আৰতী সংকীৰ্তন আৰু নিশা ৰাম দিয়া মিলিজুলি যুৱক নাম পাৰ্টিৰ নাগাৰা নাম পৰিৱেশন।
তদুপৰি অষ্টমী দিনা পুৱা পৰিৱেশ নিকাকৰণ,সন্ধি পূজা,পুৱা ১১ বজাত ছিপাঝাৰৰ দক্ষিণ চুবুৰী বিষ্ণু প্ৰিয়া মহিলা নাম দলৰ নাগাৰা নাম পৰিৱেশন,ওজাপালি পৰিৱেশন,বন্তি প্ৰজ্বলনৰ পিছত নিশা ডাবোশিলা গজালি ছোৱালী নাগাৰা নাম দল হিয়ামণি নাথৰ সংগীবৃন্দৰ দ্বাৰা নাম পৰিৱেশন অনুষ্ঠিত হ'ব।
আনহাতে নৱমী দিনা পূজাৰ পিছত দশমী দিনা প্ৰতিমা বিসৰ্জনৰ সন্ধিয়া নলবাৰীৰ ৰংমন নাম দলৰ মহিলা নাম পৰিবেশনেৰে দুৰ্গা পূজাৰ সামৰণি পৰিব বুলি উদযাপন সমিতিৰ মুখ্য সম্পাদক অজিত শৰ্মাই জনায়। উল্লেখ্য যে, দুৰ্গা পূজা খলাতে লক্ষ্মী পূজা আৰু কালী পূজাৰ দিনা মধুকুছি নাট্য পৰিষদৰ দ্বাৰা সেৱাব্ৰত বৰুৱাৰ ৰচিত নাট মাক আৰু মৰম নাটখন মনস্থ হ'ব।
ইয়াৰোপৰি দুৰ্গা পূজাৰ লগত সংগতি ৰাখি মধুকুছি সংস্কাৰ সংঘৰ উদ্যোগত থিয়েটাৰ বীণাপাণি অনুষ্ঠিত হ'ব বুলি উদযাপন সমিতিৰ তৰফৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিত শ্ৰদ্ধাৰে কামনা কৰিছে।
Also Read: হৰি নামৰ ৰসেৰে দ্বিতীয় বৈকুণ্ঠত পৰিণত ঐতিহাসিক গড়গাঁও...