ডিজিটেল সংবাদ ৰঙিয়া: ৰঙিয়া জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ৰ এগৰাকী সহকাৰী শিক্ষকে চৰকাৰী আদেশ পালন নকৰাৰ ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়াৰ মাজমজিয়াত সুদীৰ্ঘ ২৭ বছৰে জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।
উল্লেখ্য যে, শিক্ষকতা কৰাৰ পিছতো বদলি নিৰ্দেশনাক অমান্য কৰিছে সহকাৰী শিক্ষক বাহাৰুল ইছলামে। তাৰোপৰি তেওঁ বিদ্যালয়খনৰ একাংশ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক ধৰ্ণা দিবলৈ উচটনি জগোৱাৰ অভিযোগো উঠিছে।
আনকি শ্ৰেণী কোঠাৰ ভিতৰতে তেওঁক বদলি কৰিব নালাগে বুলি নিজৰ পাঠদান কৰা টেবুলতে একাংশ অভিভাৱকৰ স্বাক্ষৰ সংগ্ৰহ কৰাৰ কথাও উল্লেখ হৈছে। ইফালে এই ঘটনাক সম্পূৰ্ণৰূপে ৰঙিয়াৰ দল- সংগঠনে গৰিহণা দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে ধিক্কাৰ জনাই অতি শীঘ্ৰে শিক্ষকগৰাকীৰ কাৰ্যক বিহিত ব্যৱস্থা ল'বলৈ শিক্ষা বিভাগৰ ওচৰত দাবী জনাইছে।
Also Read: মিচিং স্বায়ত্ব পৰিষদত অন্তভুৰ্ক্ত অনামিচিং গাওঁসমূহ শীঘ্ৰেই কৰ্তনৰ দাবী...