ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ উদ্যোগত "স্বচ্ছতাই সেৱা" শীৰ্ষক কাৰ্যসূচী

ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ উদ্যোগত "স্বচ্ছতাই সেৱা" শীৰ্ষক কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ উদ্যোগত "স্বচ্ছতাই সেৱা" শীৰ্ষক কাৰ্যসূচী

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়া নগৰৰ ডিলিট চিনেমা হলৰ ওচৰৰ পথত ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অধ্যক্ষই বৃহস্পতিবাৰে দিনৰ ভাগত পথটিৰ দুয়োকাষৰ জাবৰ-জোথৰ চাফা কৰি "স্বচ্ছতাই সেৱা" শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰে । সদা ব্যস্ত পথটিৰ দুয়োকাষৰ জাবৰ-জোথৰ সমূহ আঁতৰাই পথটিৰ দুয়োকাষ পৰিস্কাৰ কৰা উক্ত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰঙিয়াৰ অৱসৰপ্ৰাপ্ত মহকুমা স্বাস্থ্য বিষয়া ডা: চফিকুল হক, ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ৰ অধ্যক্ষ চেছানুজ সৰকাৰ, শিক্ষক চৈয়দ তফিকুল ইছলাম।

ইয়াৰ লগতে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে সেইসময়ত উপস্থিত থকা স্থানীয় ৰাইজৰ আগত পৰিস্কাৰ -পৰিচন্নতাৰ প্ৰয়োজনীয়তা সম্পৰ্কত ব্যাখ্যা আগবঢ়াই স্বচ্ছতা সম্পৰ্কত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা দেখা যায় । ৰঙিয়া কেন্দ্ৰীয় বিদ্যালয়ে নগৰখনৰ ব্যস্ত পথটিৰ দুয়োকাষ পৰিস্কাৰ কৰিবলৈ গ্ৰহণ কৰা এই চাফাই কাৰ্যসূচীক ৰাইজে প্ৰশংসা কৰে ।

Also Read: মহানগৰীত ফ্লেট বিক্ৰীৰ নামত চূড়ান্ত প্ৰহসন : ৬ বছৰে সম্পূৰ্ণ নহ'ল নিৰ্মাণ...