ডিজিটেল সংবাদ, ৰঙিয়া: ৰঙিয়া আদৰ্শ চিকিৎসালয়ত আজি আয়োজিত আয়ুস্মান আৰোগ্য সেতু কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত উপস্থিত থাকে স্থানীয় বিধায়ক ভৱেশ কলিতা।
বিধায়কগৰাকী উপস্থিত হৈ চিকিৎসক,নাৰ্ছ,স্বাস্থ্যকৰ্মীসকলৰ সৈতে কিছু সময় বাৰ্তালাপ কৰে। লগতে এই আয়ুস্মান আৰোগ্য সেঁতুৰ জৰিয়তে স্থানীয় ৰাইজে হাস্পতালখনত চিকিৎসা সেৱা লাভ কৰিব পাৰিব বুলি লগতে আশা ব্যক্ত কৰে।
আজিৰ এই অনুষ্ঠানত ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ নীলমণি কলিতা, চিকিৎসা কৰ্মী দীলৱাৰ হুছেইন,কুলেন কলিতাকে বিভিন্ন বিভাগৰ চিকিৎসক,নাৰ্চ আৰু চিকিৎসা কৰ্মীসকলে উপস্থিত থাকে।
Also Read: অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী আপৰ...