ৰঙিয়াত কৃষি উন্নয়ন, উদ্যোগীকৰণ নিযুক্তি, স্মাৰ্ট মিটাৰ বাতিলক লৈ ডি ৱাই এফ আইৰ প্ৰতিবাদ...

ৰঙিয়াত কৃষি উন্নয়ন, উদ্যোগীকৰণ নিযুক্তি, স্মাৰ্ট মিটাৰ বাতিলক লৈ ডি ৱাই এফ আইৰ প্ৰতিবাদ...

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত কৃষি উন্নয়ন, উদ্যোগীকৰণ নিযুক্তি, স্মাৰ্ট মিটাৰ বাতিলক লৈ ডি ৱাই এফ আইৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত আজি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন চমুকৈ ডি ৱাই এফ আইয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চহৰখনৰ সংগঠনটোৰ নিজ কাৰ্যালয় শ্ৰমিক ভৱনত উপস্থিত হৈ পিছত ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড, ফেষ্টুন লৈ স্মাৰ্ট মিটাৰ বন্ধ কৰক, অভাৱনীয় মূল্য বৃদ্ধি ৰোধ কৰক,ৰঙিয়াত হবলগা ৰেলগেটৰ ওপৰৰ অভাৰব্ৰীজ ৰাইজৰ সুবিধা অনুযায়ী নিৰ্মাণ কৰক,তিলিআলি ৰেলগেটৰ ওপৰত অভাৰব্ৰীজ নিৰ্মাণ কৰক, ৰঙিয়াত এখন মেডিকেল কলেজ নিৰ্মাণ কৰক, ব্লাড বেংক ৰঙিয়াত স্থাপন কৰক আদিকে ধৰি বিভিন্ন শ্লোগান দি আকাশ বতাহ উত্তাল কৰি তোলে।‌

তদুপৰি ৰঙিয়াত পৌৰসভাৰ অন্তৰ্গত ৰাস্তা ঘাট পুনৰ নিৰ্মাণ আৰু ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰাকে ধৰি কৃত্ৰিম বান ৰোধৰ চহৰখনত বিজ্ঞানসন্মত ভাৱে নলা নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক ভৱেশ কলিতাক আহ্বান জনায়। ইয়াৰোপৰি ব্যক্তিগত খণ্ডত কাম কৰা প্ৰতিজন কৰ্মচাৰীৰ কামৰ নিৰাপত্তা আৰু নূন্যতম বেতন নিশ্চিত কৰা,বি টি আৰৰ ভেঞ্চাৰ স্কুল প্ৰাদেশীকৰণ, টিউটৰসকলক শিক্ষকৰ মৰ্যাদা কৰক আদিক লৈ কেইবাদফীয়া দাবী সংগঠনটোৱে কৰে।

উল্লেখ্য যে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ সংগঠনটোৱে চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে। এই প্ৰতিবাদী কাৰ্যসূচীত ৰঙিয়াৰ চি পি আই এমৰ জ্যেষ্ঠ নেতা শৰৎ কলিতা, নৃপেন নাথ, বিবেকানন্দ অধিকাৰীকে ধৰি ডি ৱাই এফ আইৰ সভাপতি চণ্ডি বৈশ্য, সম্পাদক আব্দুল ৱাজেদ, প্ৰচাৰ সম্পাদক পুনম অধিকাৰীকে ধৰি কেইবাগৰাকীও চি পি আই এমৰ কৰ্মী আৰু ডি ৱাই এফ আইৰ জ্যেষ্ঠ -কনিষ্ঠ কৰ্মী উপস্থিত থাকে।

ৰঙিয়া