ৰঙিয়াত ৱাৰিছৰ উদ্যোগত নাৰী আত্মৰক্ষাৰ বাবে সমৰকলাৰ প্ৰশিক্ষণ...

ৰঙিয়াত ৱাৰিছৰ উদ্যোগত নাৰী আত্মৰক্ষাৰ বাবে সমৰকলাৰ প্ৰশিক্ষণ...

author-image
Asomiya Pratidin
New Update
ৰঙিয়াত ৱাৰিছৰ উদ্যোগত নাৰী আত্মৰক্ষাৰ বাবে সমৰকলাৰ প্ৰশিক্ষণ...

ডিজিটেল সংবাদ, ৰঙিয়াঃ ৱাৰিছ ৰঙিয়া নগৰ আঞ্চলিক সমিতি তথা কামৰূপ গ্ৰাম্য জিলাৰ উদ্যোগত মহিলাসকলৰ নিৰাপত্তাক শক্তিশালী কৰাৰ মহান উদ্দেশ্য আগত ৰাখি দ্বিতীয় বাৰৰ বাবে সমৰকলাৰ প্ৰশিক্ষণৰ কাৰ্য্যসূচী অনুষ্ঠিত হয়।

মানৱতাক ভূলুণ্ঠিত কৰা কলিকতাৰ আৰ জি কৰ হাস্পতালত সংঘটিত নৃশংস ঘটনা,ধিং কাণ্ডৰ সমান্তৰাল ভাৱে সংঘটিত অসংখ্য ধৰ্ষণৰ ঘটনা,এইবোৰে নাৰীৰ নিৰাপত্তাৰ বিষয় লৈ নাৰী সৱলীকৰণৰ হকে সদায় মাত মাতি অহা ৱাৰিছে নাৰী আত্মৰক্ষাৰ কিছু কৌশল শিকোৱাৰ উদ্দেশ্যে সমৰকলাৰ এক প্ৰশিক্ষণৰ অংশ হিচাপে ৰঙিয়া আঞ্চলিকৰ সভানেত্ৰী জোনালী সাউদ তথা কামৰূপ জিলাৰ সহকাৰী সম্পাদিকা অনামিকা কলিতাৰ তত্বাৱধানত প্ৰশিক্ষণত কামৰূপ গ্ৰাম্য জিলাৰ সভাপতি বলোৰাম পলে উপস্থিত থাকে।

ৱাৰ্মিছ ফিল্ডত সমৰকলা প্ৰশিক্ষক বিপুল মেধি আৰু দিয়া মেধিয়ে প্ৰশিক্ষণ আগবঢ়োৱাৰ লগতে প্ৰশিক্ষক মেধিয়ে আত্মৰক্ষাৰ কৌশল আয়ত্ব কৰি নাৰী সকল কেনেদৰে শাৰীৰিক আৰু মানসিক ভাৱে শক্তিশালী হৈ উঠিব পাৰে, তেওঁলোকৰ মাজত আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰি, প্ৰতিকুল পৰিস্থিতিত কিদৰে মোকাবিলা কৰি নিজক ৰক্ষা কৰিব পাৰে তাৰ ওপৰতো এটি চমু বক্তৃতা দাঙি ধৰে। অনুস্থানত গ্ৰুপৰ সদস্যা সকল ক্ৰমে কাশ্মীৰা বেগম, প্ৰণীতা দাস, ৰিংকু বৰ্মন,মনোৱাৰা বেগম,উৰ্মিলা দাস, পূৰবী গোস্বামী ভট্ট, বৰ্ণালী শইকীয়া মিনু শৰ্মা আদিয়ে উপস্থিত থাকে।

Also Read: চীনৰ পুষ্পক বিমানঃ মাত্ৰ ২ ঘন্টাত পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ...

ৰঙিয়া