ৰঙিয়াত কোচ ৰাজবংশী সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিৱেশন

ৰঙিয়াত কোচ ৰাজবংশী সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিৱেশন

Published on

ডিজিটেল সংবাদ ,ৰঙিয়াঃ ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ অন্তৰ্গত পাতি দৰং মৌজা কোচ ৰাজবংশী সন্মিলনীৰ দ্বিবাৰ্ষিক অধিৱেশনখনি দেওবাৰে অনুষ্ঠিত হয়। পাতি দৰং মৌজা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত কোচ মুক্তাপুৰত দিনজোৰা কাৰ্যসূচীৰে চিলাৰায় ভৱনত অনুষ্ঠিত হোৱা এই মুকলি অধিৱেশনত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি তালুকদাৰ আৰু ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি ৰমণী ৰাজবংশীয়ে ‌কোচ ৰাজবংশী জনগোষ্ঠীৰ আন্তঃগাথঁনিৰ সমস্যা লৈ বিশদ ভাষণ প্ৰদান আগবঢ়ায় ।

ভৰত দাসে সভাপতিত্ব কৰা মুকলি অধিৱেশনত সমাজকৰ্মী অংকুৰ দাসে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলৰ আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত সদায় সহায় সহযোগিতা আগবঢ়ায় যাব বুলি ভাষণ প্ৰসংগত কয় । আনহাতে অধিৱেশন কাৰ্যসূচীৰ পুৱা ৯:৩০ বজাত পাতিদৰং মৌজাৰ কোচ ৰাজবংশী সন্মিলনীৰ পতাকা উত্তোলন কৰে সভাপতি ভৰত দাসে আৰু তাৰপিছত চিলাৰায়ৰ প্ৰতিচ্ছবিত উপ সভাপতি গৌতম দাসে মাল্যাপৰ্ণ কৰে ।

উল্লেখ্য যে এই মুকলি অধিৱেশনতে নিদ্দিষ্ট বক্তা হিচাপে ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি ভৰত দাস, চিলাৰায় ভৱনৰ দাতাৰ জীয়ৰী মিনতি দাসৰ উপৰিও সন্মিলনীৰ উপদেষ্টা হিতেশ চন্দ্ৰ তালুকদাৰ, সম্পাদক পবিত্ৰ ৰাজবংশী, কৃপানন্দ পাঠকক ধৰি কেইবাগৰাকীও কোচ ৰাজবংশীৰ প্ৰতিনিধি নেতাৰ লগতে ৪০০ৰো অধিকলোক উপস্থিত থাকে। মুকলি সভাৰ প্ৰাকমূহুৰ্তত প্ৰতিনিধি সভাত পাতিদৰং মৌজাক লৈ নতুন সমিতি গঠন হয় ।

ৰঙিয়াত কোচ ৰাজবংশী সন্মিলনীৰ দ্বি-বাৰ্ষিক অধিৱেশন
বেবেজীয়াত 'প্ৰগতি' ন্যাসৰ কাৰ্যালয় মুকলি
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in