শিক্ষাসেতু এপত শিক্ষকৰ অ-সহযোগিতাক লৈ অসন্তুষ্ট শিক্ষামন্ত্রী

শিক্ষাসেতু এপত শিক্ষকৰ অ-সহযোগিতাক লৈ অসন্তুষ্ট শিক্ষামন্ত্রী
Published on
Updated on

ডিজিটেল ডেস্কঃ শিক্ষাসেতু এপত শিক্ষকৰ অসহযোগিতাক লৈ অসন্তুষ্ট শিক্ষামন্ত্রী ৰনোজ পেগু। শিক্ষাসেতু এপত শিক্ষক সকলে সহযোগিতা নকৰাকলৈ শিক্ষামন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, শিক্ষাসেতু এপত সকলোৱে সহযোগ কৰিব লাগিব। দৰমহা ল’ব আৰু কাম নকৰিব, সেয়া কেনেকৈ হ’ব?

নলবাৰীকে ধৰি বহু বিদ্যালয়ৰ শিক্ষকক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে শিক্ষা বিভাগে। এই সন্দৰ্ভত মন্ত্ৰী গৰাকীয়ে কয় যে কিয় সহযোগ কৰা নাই তাৰ ব্যাখ্যা নিবিচাৰি কি কৰিম? এয়া এক অপৰাধ, সেয়ে ব্যৱস্থা গ্রহণ কৰা হ’ব।

তেওঁ কয় যে, প্রধান শিক্ষকৰ পদ বিগত ৭০ বছৰ ধৰি নাই। কিন্তু জ্যেষ্ঠ শিক্ষকসকলক প্রধান শিক্ষকৰ দায়িত্ব দিয়া হৈছে। তাৰ বাবে তেওঁলোকক মাননি দিয়া হয়। আমি চৰকাৰখন পজিটিভ গতিকে সমস্যা সমাধান হ’বই। ইয়াত কিছু আইনী বাধা আছে, আমি কাম কৰি আছো। ইয়াৰোপৰি শিক্ষকসকলে ভাল খবৰ পাব বুলিও কয় মন্ত্ৰী গৰাকীয়ে লগতে কয় যে এইবোৰ ক্ষেত্ৰত সময়সীমা বান্ধি দিলে নহয়।

উল্লেখ্য যে, শিক্ষাসেতু এপক লৈ বহু শিক্ষক-শিক্ষয়িত্ৰীয়ে অসন্তুষ্টি ব্যক্ত কৰিছিল। লগতে বহু বিদ্যালয়ত প্ৰধান শিক্ষক নোহোৱাৰ বাবে প্ৰতিবাদ সাৱ্যস্ত কৰি টেবলেট ঘূৰাই দিয়াৰ কথা কৈছিল।

শিক্ষাসেতু এপত শিক্ষকৰ অ-সহযোগিতাক লৈ অসন্তুষ্ট শিক্ষামন্ত্রী
বিদ্যালয় নিৰ্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰাজ: বিকৃতৰূপত মহিষীৰ ছবি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in