ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাৰীৰিক প্ৰমূখ সৌৰভ কলিতাৰ অকাল বিয়োগ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাৰীৰিক প্ৰমূখ সৌৰভ কলিতাৰ অকাল বিয়োগ
Published on
Updated on

ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াৰ তুলসীবাৰীত এগৰাকী সম্ভাৱনাময় যুৱকৰ নিশা অকাল বিয়োগ ঘটে। ২২ বছৰীয়া যুৱকগৰাকীৰ নাম সৌৰভ কলিতা ।

প্ৰায় ৬ মাহ ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মঙলবাৰে গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে। ইফালে তেঁওৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে ।

উল্লেখ্য যে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৰণী খণ্ডৰ শাৰীৰিক প্ৰমূখ হিচাপে সৌৰভ কলিতা দায়িত্বত আছিল । আনহাতে প্ৰতিভাৱান যুৱকগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ কামৰূপ জিলা, ৰঙিয়া নগৰৰ লগতে তৰণী হৰিমন্দিৰ ,আৰিমত্ত ভৱন প্ৰমুখ্যে বিভিন্ন অনুষ্ঠান তথা ব্যাক্তিয়ে শোক প্ৰকাশ কৰে ।

কবিতা আদি লিখিবলৈ আৰম্ভ কৰা যুৱকগৰাকীয়ে ৰঙিয়া মহাবিদ্যালয়ত স্নাতক মহলাত শিক্ষাগ্ৰহণ কৰি আছিল । মৃত্যুৰ সময়ত যুৱকগৰাকীয়ে পিতৃ- মাতৃ আৰু ভাতৃসহ ভালেসংখ্যক আত্মীয় স্বজনক এৰি থৈ যায় ।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাৰীৰিক প্ৰমূখ সৌৰভ কলিতাৰ অকাল বিয়োগ
বগা চন্দন কেৱল কপালৰ ফোটৰ বাবে নহয় : আন্তৰ্জাতিক চাহিদা থকা বগা চন্দনে দিব পাৰে কোটি টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in