চাঙিনী থান সত্ৰত মিচিং জনগোষ্ঠীৰ যুৱক- যুৱতীসকলৰ দ্বাৰা ৰাসলীলা উদযাপন

চাঙিনী থান সত্ৰত মিচিং জনগোষ্ঠীৰ যুৱক- যুৱতীসকলৰ দ্বাৰা ৰাসলীলা উদযাপন
Published on
Updated on

ডিজিটেল সংবাদ,বিহপুৰীয়া : মহাপুৰুষ শ্ৰীন্ত শংকৰদেৱ গুৰুজনাৰ পদৰেণুৰে মহিমামণ্ডিত বিহপুৰীয়াৰ ঐতিহাসিক চাঙিনী থান সত্ৰত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা ৷ মিচিং জনগোষ্ঠীয় লোকসকলৰ দ্বাৰা পৰিচালিত বদতিৰ চাঙিনী থান সত্ৰত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা ৰাসলীলাই সকলোৰে মন মুহিবলৈ সক্ষম হয় ৷

স্থানীয় লাগাচু যুৱ সংঘই চাঙিনী থান সত্ৰ পৰিচালনা সমিতিৰ সহযোগত সত্ৰৰ মুকলি মঞ্চত অনুষ্ঠিত কৰা ৰাসত অঞ্চলতোৰ লোক সকলে এক উদুলিমুদুলি পৰিৱেশৰ সৃষ্টি কৰে ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰশিক্ষক ক্ষিৰোদ বৰাৰ পৰিচালনাত মিচিং জনগোষ্ঠীৰ যুৱক-যুৱতীসকলে ভগৱান শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা পৰিৱেশন কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰে ৷

প্ৰথম নিশা বিহপুৰীয়াৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই ৰাসলীলা উদ্বোধন কৰাৰ বিপৰীতে দ্বিতীয় নিশা ৰাসলীলা উদ্বোধন কৰে শ্ৰী মন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰে ৷ দুয়ো নিশাই সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ লাগাচু, মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ সাধাৰণ সদস্য দিলীপ পেগু,সত্ৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে নন্দ লাগাচু,ঐৰাম লাগাচু,সমাজকৰ্মী যোগেশ শাস্ত্ৰী,নাৰায়ণপুৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰধান আচাৰ্য বিনোদ শৰ্মা,সমাজকৰ্মী দিলীপ লাগাচু,ৰাজীৱ শৰ্মা,পুণ্য ভৰত লাগাচু,খগেশ্বৰ বৰা আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷

চাঙিনী থান সত্ৰত মিচিং জনগোষ্ঠীৰ যুৱক- যুৱতীসকলৰ দ্বাৰা ৰাসলীলা উদযাপন
অভিনেতা জয়ন্ত দাসৰ মৃত্যুত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা-কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ শোক প্ৰকাশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in