ডিজিটেল সংবাদ, ঢকুৱাখনা : বনজ সম্পদ আইন আৰু যান বাহন আইন উলংঘা কৰি তীব্ৰ গতিৰে অতিৰিক্ত বোজা বহন কৰি চলাচল কৰা একাংশ ডাম্পাৰৰ তাণ্ডৱ অব্যাহত আছে গোগামুখ-ঢকুৱাখনা হৈ মাজুলী সংযোগী ৰাজ্যিক ঘাই পথত। ইতিপূৰ্বে বহু কেইটা প্ৰাণ নাশী পথ দুৰ্ঘটনা সংঘটিত কৰি পথচাৰীৰ বাবে যমদূত সদৃশ হৈ থিয় দিয়া এনেবোৰ নিয়ন্ত্ৰণহীন অত্যাধিক বোজা বহণকাৰী ডাম্পাৰে অতিব্যস্ত ৰাজপথেৰে তীব্ৰ গতিত চলাচল কৰি পুনৰ জনজীৱন সন্ত্ৰস্ত কৰি তুলিছে।
প্ৰধানকৈ একাংশ ডাম্পাৰে বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ আশীৰ্বাদত শিল বালিৰ কোৱাৰীৰ পৰা নিৰ্দিষ্ট পৰিমাণত কৈ অত্যধিক পৰিমাণৰ শিল বালি সৰবৰাহ কৰি চৰকাৰী ৰাজহ ফাঁকি দি অহাৰ লগতে গোপনে গঢ়ি তুলিছে এখন চোৰাং বজাৰ। তাৰোপৰি অতিৰিক্ত হাৰত শিল বালি ৰাজপথেৰে পৰিবহণ আৰু চলাচল কৰা এনেবোৰ বিপদ সংকুল ডাম্পাৰে সাধাৰণ পথচাৰীৰ জীৱনলৈকো মাতি আনিছে ভয়াবহ বিপদ ।
মুখ্যতঃ এনেবোৰ ৰাজহ ফাঁকিৰে সৰবৰাহ কৰা চোৰাং বনজ সম্পদ আৰু বৈধ পৰিমাণৰ বনজ সম্পদ পৰিবহন কৰা ডাম্পাৰ সমূহে উন্মুক্ত ভাবে বনজ সম্পদ পৰিবহণ কৰাৰ বাবে বতাহত উৰি অন্যান্য পথচাৰীৰ চকুত সোমাই দুৰ্ঘটনা সংঘটিত কৰি আৰু জনস্বাস্থ্যলৈ প্ৰচণ্ড ভাবুকি মাতি আহিছে।
বিধি মতে সকলো ডাম্পাৰে বনজ সম্পদ সৰবৰাহ কৰোতে ওপৰৰ ভাগ তিৰপালেৰে ঢাকি নিয়াতো বাধ্যতামূলক আৰু সুৰক্ষা জনক। এনে সুৰক্ষিত ব্যৱস্থাৰে বনজ সম্পদ সৰবৰাহ কৰিলে এনে অস্বস্তিকৰ হাৰাশাস্তিৰ সন্মুখীন হব লগীয়া নহয় পথচাৰী আৰু সাধাৰণ যাত্ৰী সকল । কিন্তু তাকে নকৰি অবিৰত ভাবে বিধি উলংঘাৰে উন্মুক্ত ভাবে শিল বালি সৰবৰাহ কৰি আহিছে এনেবোৰ বেপৰোৱা বাণিজ্যিক বাহনে ।
এই ক্ষেত্ৰত যানবাহন আৰক্ষী আৰু বন বিভাগে গ্ৰহণ নকৰে কোনো কঠোৰ আইনগত বিধি ব্যৱস্থা । কাৰণ বন বিভাগৰ সৈতে গোপন মিতিৰালিৰে বেপৰোৱা হৈ এনে বিপদজনক ভাবে জনজীৱন অতিষ্ঠ কৰি অব্যাহত আছে বনজ সম্পদৰ নিৰ্বিচাৰ লুণ্ঠন আৰু ভয়ংকৰ পৰিবহন প্ৰক্ৰিয়া । কেইটামান অবৈধ টকাৰ বিনিময়ত বিক্ৰী যোৱা একাংশ আৰক্ষী, বন বিভাগৰ এনে হঠকাৰীতাৰ পৰিণতিত এই অবৈধ পৰিবহন ব্যৱস্থাত লেকাম লগাবলৈ সক্ষম হোৱা নাই গোগামুখ ,ঢকুৱাখনা আৰু মাজুলীৰ আৰক্ষী আৰু বন বিভাগ ।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে গোগামুখ ৰাজ্যিক ঘাই পথৰ ওপৰত গোগামুখ আৰক্ষীৰ এগৰাকী সহকাৰী উপ পৰিদর্শকে এনে চোৰাং আৰু অবৈধ ভাৱে বনজ সম্পদ সৰবৰাহ কৰা ডাম্পাৰৰ পৰা কমিচন সংগ্ৰহ কৰি বৈধতা প্ৰদান কৰাৰ ভিডিঅ ফুটেজ "অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ হাতত মজুত আছে । এনেবোৰ দুৰ্নীতি পৰায়ন আৰক্ষী বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ সুবিধা ভোগী চৰিত্ৰৰ বাবেই সৰ্ব সাধাৰণ ৰাইজ জটিল সমস্যাত ভোগী আহিলেও কেৰেপ নকৰে সংশ্লিষ্ট বিভাগৰ শীর্ষ বিষয়া সকলে । কাৰণ ভুক্তভোগী নাগৰিকৰ জ্ঞাত ।
আৰু পঢ়ক : ভোটাধিকাৰ হেৰুৱাব মিজোৰামৰ ২ হাজাৰ ব্ৰু/ ৰিয়াং ভোটাৰে