'অসমীয়া প্ৰতিদিন'ৰ বাতৰিৰ প্ৰভাৱ: দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াক ৰিৰ্জাভ ক্ল'জ

'অসমীয়া প্ৰতিদিন'ৰ বাতৰিৰ প্ৰভাৱ: দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াক ৰিৰ্জাভ ক্ল'জ

author-image
Asomiya Pratidin
New Update
'অসমীয়া প্ৰতিদিন'ৰ বাতৰিৰ প্ৰভাৱ: দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াক ৰিৰ্জাভ ক্ল'জ

ডিজিটেল সংবাদ, ছয়দুৱাৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক দুৰ্নীতি মুক্ত কৰিবলৈ গ্ৰহণ কৰি অহা কঠোৰ পদক্ষেপলৈ বুঢ়া আঙুলি দেখুৱাই হেলেম আৰক্ষী থানাৰ কেইজনমান আৰক্ষীয়ে যান বাহনৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ অভিযানটোক ধন ঘটাৰ কাৰখানালৈ পৰিণত কৰি অঞ্চলটোত মাফিয়াৰাজ চলাই অহাৰ বিষয়ে অসমীয়া প্ৰতিদিন আৰু অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত তথ্য সহকাৰে বাতৰি প্ৰকাশ পোৱাৰ লগে লগে যোৱা ১ অক্টোবৰত হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুদ্ৰকান্ত বৰা আৰু হাবিলদাৰ যদু গগৈক ৰিজাৰ্ভ ক্ল'জ কৰে যদিও দুয়োৰে বিৰুদ্ধে গ্ৰহণ কৰা এই শাস্তিক লৈ আশ্বস্ত হোৱা নাই হেলেম অঞ্চলৰ ৰাইজ।

যিহেতু তেওঁলোকে আৰক্ষীৰ শৃংখলা আৰু নীতি-আদৰ্শক জলাঞ্জলী দি ঠগ-প্ৰবঞ্চনাৰে অৰ্থ কেলেংকাৰীত লিপ্ত হোৱা বুলি ইতিমধ্যে প্ৰমাণ হৈছে। সেয়েহে তেওঁলোকক ভাৰতীয় দণ্ডবিধী আইনৰ অধীনত জামিন বিহীন ধাৰাত গ্ৰেপ্তাৰ কৰি যান-বাহনৰ নথি পত্ৰ পৰীক্ষা কৰাৰ কৰ্তব্যত নিয়োজিত গোটেই দলটোৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং আৰু বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ ওচৰত কঠোৰ দাবী জনাইছে হেলেম অঞ্চলৰ ৰাইজে।

স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি-যান বাহনৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ গইনা লৈ ৰছিদ নিদিয়াকৈ ব্যাপক হাৰত ধন লুটি অহা এই দুস্কাৰ্য্যৰ লগত হেলেম আৰক্ষী থানাৰ কেইবাজনো ট্ৰেফিক কনিষ্টবল আৰু গাড়ী চালক হিচাপে নিয়োজিত বিক্ৰম দাস নামৰ এগৰাকী হোম গাৰ্ড জড়িত। এই হোম গাৰ্ডজনে সদায় যান-বাহনৰ গৰাকীক অমাৰ্জিত আচৰণ কৰি অহা বুলি অভিযোগ পোৱা গৈছে। আনকি হেলেম আৰক্ষীৰ এই ধনলোভী দলটোৱে ৰাষ্ট্ৰীয় ঘাইপথত খেদি খেদি গাড়ী ধৰি পথৰ ওপৰতে দিন ডকাইতৰ দৰে ধন লোৱাৰ দৃশ্যও হেলেম বাসীৰ বাবে সুলভ।

এই সংক্ৰান্তত অসমীয়া প্ৰতিদিন আৰু অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণত প্ৰকাশ পোৱা "হেলেম থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰুদ্ৰকান্ত বৰাৰ নেতৃত্বত মাফিয়াৰাজ","যান বাহনৰ নথি-পত্ৰ পৰীক্ষাৰ নামত হাৰাশাস্তি","গুগল পে'ত তিনি হাজাৰ টকা লৈ বাহনৰ গৰাকীক ৰছিদ দিয়ে এহেজাৰ টকাৰ" শিৰোনামাৰ বাতৰিটোৰ আঁত ধৰি আৰম্ভ হোৱা প্ৰাৰম্ভিক তদন্তৰ পিছত উক্ত কেলেংকাৰীৰ সৈতে জড়িত প্ৰতিগৰাকী আৰক্ষীৰ বিৰুদ্ধে উপযুক্ত তদন্ত কৰি কঠোৰ ব্যৱস্থা ল'বলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

উল্লেখযোগ্য যে-২০২২ চনৰ ১৬ জুনত ৰুদ্ৰ কান্ত বৰাই হেলেম আৰক্ষী থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে যোগদান কৰাৰ পিছৰে পৰা আৰক্ষী থানাখন দুৰ্নীতি-অনিয়মৰ ৰম্যভুমিলৈ পৰিণত হৈ পৰে। ইয়াৰ পিছতে হাবিলদাৰ হিচাপে যোগদান কৰা যদু গগৈক যান-বাহনৰ জৰিমনা কটাৰ দায়িত্ব দিয়ে ৰুদ্ৰ কান্ত বৰাই। ইয়াৰ বাবে এটা দল বনাই লয় হাবিলদাৰ যদু গগৈয়ে। পিছলৈ যদু গগৈৰ নেতৃত্বত পৰিচালিত এই দলটো সন্ত্ৰাসৰ অন্যতম কাৰণ হৈ পৰে হেলেম বাসীৰ বাবে।

অভিযোগ অনুসৰি-যান বাহনৰ নথি পৰীক্ষা কৰাৰ গইনা লৈ ৰূদ্ৰকান্ত বৰাৰ ছত্ৰছায়াত হাবিলদাৰ যদু গগৈ এণ্ড কোম্পানীয়ে মাহেকত আঢ়ৈ লাখৰ পৰা তিনি লাখ টকা পৰ্য্যন্ত ধন লুটি আহিছিল। এই অসৎ পদ্ধতিৰে যান-বাহনৰ জৰিমনা বিহাৰ নামত গুগল পে' যোগে যোৱা ৭ আগষ্টৰ বিয়লি ৪.০৭ বজাত ৩হাজাৰ টকা আৰু ২০ চেপ্তম্বৰৰ বিয়লি ২.৪৩ বজাত ২হাজাৰ টকা আদায় লৈ একেজন গাড়ী মালিকক ১হাজাৰ ১হাজাৰ টকাৰ ২খন ৰছিদ দিয়াৰ তথ্য লাভ কৰা হৈছে যদিও ইয়াৰ বাহিৰেও আৰু একাধিক এনেধৰণৰ কেলেংকাৰী সংঘটিত কৰিছে যদু গগৈ আৰু আন ৩গৰাকী ট্ৰেফিক কনিষ্টবলে। উক্ত দুদিনৰ সেই টকা দৈনিক হাজিৰা ভিত্তিত মাজে সময়ে হেলেম থানাৰ গাড়ী চলোৱা গাড়ী চালক জনৈক অৰূপজ্যোতি পাঠকৰ গুগল পে'(৮৬৩৮৬৯৬২২১)নম্বৰ যোগে আদায় লোৱাৰ তথ্য ইতিমধ্যে লাভ কৰা হৈছে।

এই সংক্ৰান্তত অৰূপজ্যোতি পাঠকে উচ্চ পদস্থ আৰক্ষী বিষয়াৰ আগত এই কথা স্বীকাৰ কৰি সন্ধিয়া গমিৰি চি এছ পিৰ পৰা উক্ত ধন একাউন্টৰ পৰা উলিয়াই যদু গগৈ নেতৃত্বাধীন কৰ্তব্যৰত যান বাহন আৰক্ষীক আদায় দিয়া বুলি উল্লেখ কৰিছে। জানিব পৰা মতে, অৰূপজ্যোতি পাঠকৰ দৰে তেওঁলোকে বিভিন্ন জনৰ গুগল পে' আৰু ফোন পে' ব্যৱহাৰ কৰি এই পদ্ধতিৰে দৈনিক ৮ ৰ ১০ হাজাৰ টকালৈকে লুটি আহিছিল।

তদুপৰি যান বাহনৰ নথি পত্ৰ পৰীক্ষা কৰাৰ নামত যান বাহনৰ গৰাকীক কৰি অহা ৰুঢ় ব্যৱহাৰ, অশ্লীল মাত-কথা আৰু অমাৰ্জিত আচৰণেও সীমা চেৰাই যোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইপিনে মঙলবাৰে হেলেম আৰক্ষী থানাৰ নতুন আৰক্ষী বিষয়া হিচাপে সঞ্জয় শইকীয়াই যোগদান কৰাৰ পিছত থানাখন সংস্কাৰমুক্ত হোৱাৰ আশা প্ৰকাশ কৰিছে হেলেম বাসী ৰাইজে।

assampolice