POCSO আইনৰ অধীনত অভয়াপুৰীত এজনক দোষী সাব্যস্তঃ যাৱজ্জীৱন কাৰাদণ্ড

POCSO আইনৰ অধীনত অভয়াপুৰীত এজনক দোষী সাব্যস্তঃ যাৱজ্জীৱন কাৰাদণ্ড

author-image
Asomiya Pratidin
New Update
POCSO আইনৰ অধীনত অভয়াপুৰীত এজনক দোষী সাব্যস্তঃ যাৱজ্জীৱন কাৰাদণ্ড

ডিজিটেল ডেস্কঃ অৱশেষত ৬ বছৰৰ অন্তত অভয়াপুৰীৰ যৌন নিৰ্যাতন ঘটনাৰ ৰায়দান প্ৰদান কৰিলে উত্তৰ শালমাৰাৰ পস্ক’ আদালতৰ বিশেষ ন্যায়াধীশে। শিশু সুৰক্ষা আইনৰ ৬নং ধাৰাত যৌন অপৰাধৰ অভিযোগত আশাবুল হুছেইন নামৰ লোকজনক দোষী সাব্যস্ত কৰা হয়। POCSO আইনৰ অধীনত দোষী সাব্যস্ত কৰা হৈছে অভিযুক্ত হুছেইনক।

আদালতে হুছেইনক যাৱজ্জীৱন কাৰাদণ্ড বিহা লগতে ৫০ হাজাৰ টকা জৰিমনা বিহে। জৰিমনা আদায় নকৰিলে অতিৰিক্ত ছমাহৰ সাধাৰণ কাৰাদণ্ডৰ কথাও উল্লেখ কৰে আদালতে।

উক্ত ঘটনাক লৈ ২০১৮ চনৰ জুন মাহত প্ৰাৰম্ভিক গোচৰ ৰুজু দাখিল কৰা হৈছিল। পৰৱৰ্তী সময়ত ১১ জুনত হুছেইনক গ্ৰেপ্তাৰ কৰি ৯ নৱেম্বৰত জামিনত মুকলি কৰি দিছিল। পাছত দীৰ্ঘদিনীয়া বিচাৰৰ অন্তত আদালতে তেওঁক ২০২৪ চনৰ ৯ ছেপ্টেম্বৰত চূড়ান্ত ৰায়দান প্ৰদান কৰে।

Also Read: চৰ্য্যাৰ উদ্যোগত গুৱাহাটী প্ৰেছক্লাবত নীলমণি ফুকনলৈ ৯১সংখ্যক ওপজা দিনৰ শ্ৰদ্ধাৰ্ঘ্য

POCSO Act 2012 North Salmara