ডিজিটেল ডেস্ক : ঢেকীয়াজুলিৰ চাউল কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগত পুনৰ ৪জনক গ্রেপ্তাৰ। এইবাৰ আৰক্ষীৰ জালত জ্যেষ্ঠ ৰাজহুৱা কৰ্মচাৰী তথা অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া। চাউল কেলেংকাৰীৰে নাম সাঙোৰ খাই গ্রেপ্তাৰ হ'ল চাৰিগৰাকীকৈ চৰকাৰী কৰ্মচাৰী। এনএফএছএ চাউল কেলেংকাৰীৰ এক গোচৰৰ বাবে অসম আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে বিষয়াকেইজনক।
উক্ত বিষয়াকেইজন হ'ল শোণিতপুৰৰ খাদ্য আৰু অসামৰিক যোগানৰ উপ সঞ্চালক মন্টু কুমাৰ দাস, শোণিতপুৰৰ জ্যেষ্ঠ প্ৰশাসনিক সহায়ক (এফচিএছ) কুলেন শইকীয়া, এফচিএছৰ অৱসৰপ্ৰাপ্ত অধীক্ষক মোঃ মুজিবুদ্দিন আহমেদ, অৱসৰপ্ৰাপ্ত ডিডিএছ তথা বৰ্তমানৰ পিপিচি ভাৰত চন্দ্ৰ বৰদলৈ।
উল্লেখ্য যে, ভিজিলেন্স পিএছ গোচৰ নং ০৩/২২৩ ইউ/এছ ১২০বি/৪২০/৪০৬/৪০৯ আইপিচি আৰ/ডব্লিউ ছেকেণ্ড ১৩(১)/১৩(২) পিচি আইন, ১৯৮৮ (এনএফএছএ চাউল কেলেংকাৰী) সন্দৰ্ভত গ্রেপ্তাৰ কৰা বিষয়া কেইজনক সোমবাৰে বিশেষ ন্যায়াধীশৰ আগত হাজিৰ কৰোৱা হয়। মঙলবাৰে বিষয়াকেইজনক পুনৰ বিশেষ ন্যায়াধীশৰ আগত হাজিৰ কৰোৱা হ'ব।
Also Read: ৰাজ্যৰ প্ৰশাসনত সামান্য ৰদবদলঃ হিৰণ্য কুমাৰ বৰ্মন চৰাইদেউৰ নতুন এছ পি...