ৰীমালৰ তাণ্ডৱঃ দক্ষিণ শালমাৰাত ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি,উৰুৱাই নিলে চৰকাৰী কাৰ্যালয়

ৰীমালৰ তাণ্ডৱঃ দক্ষিণ শালমাৰাত ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি,উৰুৱাই নিলে চৰকাৰী কাৰ্যালয়
Published on
Updated on

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত সাগৰীয় ঘূৰ্ণীবতাহ ৰীমালৰ তাণ্ডৱ লীলা অব্যাহত আছে। আজি দিনৰ প্ৰায় ১১.৪০ বজাত হঠাত পশ্চিম দিশৰ পৰা অহা সাগৰীয় ঘূৰ্ণীয়ে মানকাচৰৰ কেবাখনো গাঁও পঞ্চায়ত এলেকাত ভয়ংকৰ তাণ্ডৱলীলা চলায়।

বিশেষকৈ কালাপানী, বেঙেৰভিটা, পাথুৰীয়া, ভূৰাকাটা, কুকুৰমাৰা, ধানুৱা, মানুল্ল্যাপাৰা, ফেকামাৰী, ফুলেৰচৰ, বৰাইৰ আলগা গাঁও পঞ্চায়তকে ধৰি চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ একাংশ স্থানত ধ্বংসলীলা চলায়।

কালাপানী গাঁও পঞ্চায়তত পঞ্চায়ত কাৰ্যালয়, সমূহীয়া প্ৰেক্ষাগৃহ, অমৃত সৰোবাৰৰ গৃহৰ টিনপাত ঘূৰ্ণীবতাহে উৰুৱাই নিয়াৰ লগতে কালাপানী মধ্য ইংৰাজী বিদ্যালয় গৃহৰ ওপৰত এখন গছ ভাঙি পৰে।

একেদৰে কালাপানী দিয়াৰা সংযোগী পথ আৰু বাইলাবীলৰ পথৰ ওপৰত কেবাটাও স্থানত গছ উভলি পৰি বহু সময়ৰ বাবে যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে। কালাপানী গাঁও পঞ্চায়ত এলেকাত প্ৰায় অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি হয়। একাংশ লোকৰ ঘৰৰ ওপৰত গছ ভাঙি পৰাৰ লগতে একাংশ পৰিয়ালৰ ঘৰৰ টিনপাত ঘূৰ্ণী বতাহে উৰুৱাই নিয়ে।

আনহাতে ভূৰাকাটা গাঁও পঞ্চায়ত এলেকাৰ উৰাৰভূই এলেকাতো অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ এই ঘূৰ্ণী বতাহৰ ফলত বিস্তৰ ক্ষতি সাধন হয়। ভূৰাকাটা গাঁও পঞ্চায়ত এলেকাত থকা আৰাটগ্ৰাম গাঁৱৰ এটা এটাৰটেল টাৱাৰ ঘূৰ্ণী বহাতৰ ফলত ভাঙি পৰে। ফলত টাৱাৰৰ কাষতে বসবাস কৰা দুটা পৰিয়ালৰ বাসগৃহত বিস্তৰ ক্ষতি হয়। একেদৰে কুকুৰমাৰা গাও পঞ্চায়ত এলেকাত প্ৰায় ৩০ টা পৰিয়াল, মানুল্ল্যাপাৰা গাঁও পঞ্চায়তত প্ৰায় ২০ টা পৰিয়াল, ধানুৱা গাঁও পঞ্চায়ত এলেকাৰ অসম-মেঘালয় সীমান্তৱৰ্তী বাংটিমাৰী গাঁৱৰ প্ৰায় ১৫ টা পৰিয়ালৰো বিস্তৰ ক্ষতি হয়।

ফুলেৰচৰ, ফেকামাৰী গাঁও পঞ্চায়ত এলেকাৰ ঠায়ে ঠায়ে বিদ্যুতৰ খুটা আৰু গছ গছনি উভালি পৰাত জিলাখনত বিদ্যুত সেৱা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। হাটশিঙিমাৰী-মানকাচৰ এইচ-এম পথৰ কেবাটাও স্থানত গছ ভাঙি পৰাত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে যদিও জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা আৰু বন বিভাগৰ তৎপৰতাত যাতায়ত ব্যৱস্থা সুচল কৰি তোলা হয়। ইফালে বৰাইৰ আলগা গাঁও পঞ্চায়তৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী নেংটাৰচৰ, খাগৰাৰচৰতো ঘূৰ্ণী বতাহৰ তাণ্ডৱলীলা চলে। চৰ এলেকাত ১২ টা পৰিয়াল ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

ইফালে জিলাখনৰ পাশ্বৱৰ্তী চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰো বিভিন্ন এলেকাত ঘূৰ্ণী বতাহে তাণ্ডৱলীলা চলোৱাত অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ নষ্ট হৈ পৰে। চুবুৰীয়া ৰাজ্যখনতো বিদ্যুতৰ খুটা উভালি পৰাত জিলাখনৰ বিশেষকৈ হেলিডেগঞ্জ, ৰাজাবালা, ফুলবাৰী এলেকাত বিদ্যুত সেৱা ব্যাহত হৈ আছে।

আনহাতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰ এলেকাৰ মাটিফাটাৰ লগতে কেবাটাও এলেকাত ঘূৰ্ণী বতাহে তাণ্ডৱলীলা চলোৱাত অৰ্ধ শতাধিক পৰিয়ালৰ বিস্তৰ ক্ষতি সাধন হৈছে।

ৰীমালৰ তাণ্ডৱঃ দক্ষিণ শালমাৰাত ঘৰ-দুৱাৰৰ বিস্তৰ ক্ষতি,উৰুৱাই নিলে চৰকাৰী কাৰ্যালয়
প্ৰতিকূল বতৰ : শিলচৰত দুচকীয়া বাহন চলাচলত নিষেধাজ্ঞা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in