চাবুৱাৰ পাক্কা লাইনত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
দিনজয় চাৰিআলিৰ পৰা এমইএছ তিনিআলি অভিমুখী এখন আৰ ওৱান ফাইভ মটৰচাইকেল নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোত দুজন বাইক আৰোহী গুৰুতৰভাৱে আহত হয়।
দুয়োজনকে আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত চাবুৱা মডেল হস্পিটেললৈ নিয়া হয় যদিও পৰবৰ্তী সময়ত সংকটজনক অৱস্থাত ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়।
প্ৰনিধানযোগ্য যে এম্বোলেঞ্চৰ অভাৱত দুয়োজন আঘাটপ্ৰাপ্ত লোকক আৰক্ষীৰ গাড়ীৰেই চিকিৎসালয়লৈ প্ৰেৰন কৰা হয়।