ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত মাতমৰাত শুক্ৰবাৰে সংঘটিত এক শোকাবহ পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ ঘটনাস্থলীতে অকাল মৃত্যু ঘটে। ঘটনাৰ বিবৰণি মতে শুক্ৰবাৰে সন্ধিয়া মাতমৰা-টেকেলিফুটা মথাউৰীত নিৰ্মীয়মান পকী পথেৰে নিজৰ বাইকেৰে স্বাভাৱিক ভাবেই আহি আছিল খামন বিৰিণা গাঁৱৰ প্ৰয়াত লবি ৰাম দলেৰ পুত্ৰ পৰমা দলে।
ধীৰ গতিৰে ব্যক্তিগৰাকী আহি থকা অবস্থাতে আকস্মিকভাৱে দুৰ্ঘটনাত পতিত হয়। নিৰ্মীয়মান পথৰ ওপৰত দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগেই গুৰুতৰভাৱে মূৰত আঘাতপ্ৰাপ্ত ব্যক্তিজনৰ মৃত্যু ঘটে । পাছত ঢকুৱাখনা থানাৰ আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে থানালৈ আনে । থলুৱা ব্যৱসায় কৰি পৰিয়াল পোহপাল দি থকা সৰলমনা ব্যক্তি গৰাকীৰ আকস্মিক বিয়োগত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
আৰু পঢ়কঃ চতিয়া সমষ্টিৰ কেইবাখনো গাঁও বি টি আৰত অন্তৰ্ভুক্ত কৰাত ৰাইজৰ প্ৰতিবাদ