কাৰ্বি আংলঙৰ পথ দুৰ্ঘটনাত যুৱকৰ কৰুণ মৃত্যু

ROAD ACCIDENT
ROAD ACCIDENT
Published on
Updated on

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল উপ আৰক্ষী থানাৰ অন্তৰ্গত তাৰাবছাৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিয়লি তিনি মান বজাত মটৰ চাইকেলেৰে গৈ থকা অৱস্থাত কোনো অচিনাক্ত বাহনে প্ৰচণ্ড জোৰেৰে খুন্দিওৱাৰ ফলত ঘটনাস্থলীতে নিহত হয় এজন।

নিহত গৰাকী পশ্চিম কাৰ্বি আংলং জিলাৰ তৰাডুবিৰ অকৰাপ গাওঁ নিবাসী প্ৰসাদ ক্ৰ'ৰ একমাত্ৰ পুত্ৰ সন্তান ভাস্কৰজ্যোতি ক্ৰ' (২৬) বুলি চিনাক্ত হৈছে । জানিব পৰা মতে অতি অমায়িক আৰু উচ্চ শিক্ষিত যুৱকজন এম এ পাছ কৰাৰ পিছত তৰাডুবি অঞ্চলৰ 'সোমেশ্বৰ শইকীয়া বালিকা মধ্য ইংৰাজী বিদ্যালয়ত' শিক্ষকতা কৰি আছিল । তেওঁৰ অকাল মৃত্যুত তৰাডুবি অঞ্চল আৰু সমগ্ৰ কাৰ্বি আংলঙতে গভীৰ শোকৰ ছাঁ পেলায় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফুলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ।

ROAD ACCIDENT
হাজাৰ হাজাৰ লোকৰ সমাগমঃ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে শ্ৰদ্ধাঞ্জলি উৰণ সেতু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in