হাজোত ভয়ংকৰ দুৰ্ঘটনাঃ ৮ গৰাকী কণ কণ শিক্ষাৰ্থী আহত, ৪ জনৰ অৱস্থা গুৰুতৰ...

তীব্ৰ বেগী চেণ্ট্ৰ বাহনে খুন্দিয়ালে শিক্ষাৰ্থী কঢ়িয়াই নিয়া টেম্পো
হাজোত ভয়ংকৰ দুৰ্ঘটনাঃ ৮ গৰাকী কণ কণ শিক্ষাৰ্থী আহত, ৪ জনৰ অৱস্থা গুৰুতৰ...
হাজোত ভয়ংকৰ দুৰ্ঘটনাঃ ৮ গৰাকী কণ কণ শিক্ষাৰ্থী আহত, ৪ জনৰ অৱস্থা গুৰুতৰ...
Published on
Updated on

ডিজিটেল সংবাদ হাজোঃ হাজোত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আঠগৰাকী কণকণ ছাত্ৰ ছাত্ৰী। এখন তীব্ৰ বেগী চেণ্ট্ৰ বাহনে স্কুলীয়া শিক্ষাৰ্থী কঢ়িয়াই অনা এখন টেম্পোত খুন্দা মৰাৰ ফলতে এই ঘটনা সংঘটিত হয়।

হাজোৰ ধূপৰগুড়িত সংঘটিত হৈছে এই দুৰ্ঘটনা। দুৰ্ঘটনাত আহত শিক্ষাৰ্থীসকল হাজোৰ মডাৰ্ণ স্কুলৰ শিক্ষাৰ্থী। বিদ্যালয়ৰ ছুটিৰ পাছত এখন টেম্পোত শিক্ষাৰ্থীসকল গৈ থকাৰ সময়তে নলবাৰী দিশৰ পৰা অহা AS01 DZ 1817 নম্বৰৰ তীব্ৰ বেগী চেন্ট্ৰ বাহনখনে খুন্দা মাৰে। ফলত শিক্ষাৰ্থী ৮ গৰাকীৰ লগতে চালকগৰাকীও আহত হয়।

আহত আটাইকে হাজো এফ আৰ ইউত ভৰ্তি কৰোৱা হৈছে। এফ আৰ ইউখনত শিক্ষাৰ্থীসকলৰ অভিভাৱক সকলো উপস্থিত হোৱাত এখ হুৱাদুৱা পৰিবেশৰ সূচনা হৈছে।

আহত আঠ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত চাৰি গৰাকীৰ আঘাত গুৰুতৰ হোৱাত তেওঁলোকক জি এম চি এইছলৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে অতি তৎপৰতাৰে টেম্পোখনৰ পৰা শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰে। ইফালে ঘটনা সংঘটিত কৰিয়েই চেণ্ট্ৰ বাহনখনৰ চালকগৰাকীয়ে পলায়ন কৰিছে। আৰক্ষীয়ে বাহনখন জব্দ কৰিছে।

হাজোত ভয়ংকৰ দুৰ্ঘটনাঃ ৮ গৰাকী কণ কণ শিক্ষাৰ্থী আহত, ৪ জনৰ অৱস্থা গুৰুতৰ...
কাজিৰঙা শিলজুৰিত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in