ঈদৰ আনন্দৰ মাজতে শোকাৱহ দুৰ্ঘটনা : এজন নিহত

ঈদৰ আনন্দৰ মাজতে শোকাৱহ দুৰ্ঘটনা : এজন নিহত

author-image
Asomiya Pratidin
New Update
চাংসাৰীৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল এজনৰ

road accident

ডিজিটেল সংবাদ, মায়ং : মায়ঙৰ খলাভূঞাত ঈদৰ আনন্দৰ মাজতে সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাণ গ'ল এজন যুৱকৰ। নিহত যুৱকজনৰ নাম ইনাৰুল হ'ক।

জানিব পৰা মতে, ২২ বছৰীয়া ইনাৰুলে তীব্ৰ বেগেৰে বাইক চলোৱাৰ পৰিণতিত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। বাইকখনত দুজন যুৱক আছিল। দুৰ্ঘটনাস্থলীৰ পৰা প্ৰত্যক্ষদৰ্শীয়ে সংকটজনক অৱস্থাত ইনাৰুল হকক  ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও দুৰ্ঘটনাৰ ২ ঘণ্টা পাৰ হোৱাৰ পিচতো এম্বুলেন্স যোগাৰ নহ'ল বুলি আক্ষেপ।

অৱশেষত চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে ইনাৰুলে । উন্নত চিকিৎসাৰ বাবে লৈ যাবলৈ ঝাৰগাঁও প্ৰাথমিক চিকিৎসালয়ত এম্বুলেন্স নোপোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক। ৩খনকৈ ১০৮ সহ আন এম্বুলেন্স চিকিৎসালয় চৌহদত আছিল যদিও কোনো গুৰুত্ব নিদিলে বুলি অভিযোগ উত্থাপন কৰে।

ফলত যুৱকজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ অনা লোকসকল খঙে-ক্ষোভে উত্তেজিত হৈ পৰে। উত্তেজিত জনতাই চিকিৎসক-নাৰ্চক আক্ৰমণ কৰা বুলিও জানিব পৰা গৈছে। অৱশ্যে কিছু সময় পিচতে চিকিৎসালয়ৰ পৰিস্থিতি নিয়ন্ত্ৰণ হয়।

মায়ঙৰ আশীঘৰ নামৰ গাঁৱত নিহত যুৱকজনৰ ঘৰ। উল্লেখ্য যে, পবিতৰাৰ খলাভূঞা বন শিবিৰৰ কাষত হোমেন বৰগোহাঞি ৰাজ্যিক  ঘাইপথৰ ওপৰত দুৰ্ঘটনাটো সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Also Read: লম্পট আৰক্ষী বিষয়াৰ নিৰ্যাতনৰ বলি কিশোৰী,পলাতক আৰক্ষী বিষয়াৰ সন্ধান দিওতাক দিয়া হ'ব পুৰস্কাৰ

Assam police MAYANG