ডিজিটেল সংবাদ,হোজাই : হোজাই জিলা প্ৰশাসনৰ তৰফৰ পৰা মঙলবাৰে লামডিঙৰ বিভিন্ন প্ৰান্তত ৰোড মাৰ্চ কৰা হয়। ইয়াৰ দ্বাৰা ৰাইজৰ মাজত এক বাৰ্তা প্ৰেৰণ কৰে যে সাম্প্ৰতিক পৰিস্থিতৰ প্ৰতি লক্ষ্য ৰাখি কোনো দুষ্কৃতিকাৰীয়ে যেন লামডিঙত কোনো ধৰণৰ অসামাজিক তথা ধৰ্ম বিৰোধী আৰু ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপ নিবিয়পায়।
আনহাতে যি কোনো ধৰণৰ অপপ্ৰচাৰ পৰা বিৰত থাকি তথা সামাজিক মাধ্যমত কোনো ধৰণৰ সাম্প্ৰদায়িক মন্তব্যক অপপ্ৰচাৰ নকৰিবলৈও আহ্বান জনাইছে প্ৰশাসনে । যদিহে কোনো সন্দেহজনক ঘটনা ৰাইজে প্ৰত্যক্ষ কৰে তেন্তে লামডিং আৰক্ষী , গাওঁবুঢ়া অথবা ওচৰতে থকা গাওঁৰক্ষী খবৰ দিবলৈ অনুৰোধ জনায় ।
কোনো অপ্ৰীতিকৰ ঘটনা যাতে লামডিঙত নঘটে তাৰ প্ৰতিও সচেতন থাকিবলৈ আ্ৰহ্বান জনায় । ৰোড মাৰ্চত উপস্থিত থাকে লামডিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শশধৰ কলিতা আৰু হোজাই জিলা কাৰ্যকৰী দণ্ডাধিক কিষণ ডেকা।
Also Read: চিচিবৰগাঁৱৰ ৫ স্থানত নন্দীগিৰি সমাজ কল্যাণ গোটৰ বিশেষ প্ৰশিক্ষণ...