পুনৰ উজ্জ্বিৱীত হ’ল দক্ষিণ ৰঙিয়া মিলন সাহিত্য সভা...

জাতীয় জীৱনৰ সেৱা কৰাটো প্ৰতিজন অসমীয়াৰ দায়িত্বঃ উপেন্দ্ৰজিৎ শৰ্মা
পুনৰ উজ্জ্বিৱীত হ’ল দক্ষিণ ৰঙিয়া মিলন সাহিত্য সভা...
পুনৰ উজ্জ্বিৱীত হ’ল দক্ষিণ ৰঙিয়া মিলন সাহিত্য সভা...
Published on
Updated on

ডিজিটেল সংবাদ ৰঙিয়াঃ ''জাতীয় জীৱনৰ সেৱা কৰাটো কেৱল কোনো সংগঠন বা কেইজনমান ব্যক্তি বিশেষৰ কাম নহয় ৷ ই হ’ল জাতীয় চেতনাবোধ থকা প্ৰতিজন ব্যাক্তিৰ দ্বায়িত্ব ৷ কিন্তু আজিকালি তাৰ বিপৰীত প্ৰতিচ্ছবিহে দেখা পোৱা যায় ৷ জাতিৰ হ’কে গঠিত সংগঠনৰ নেতৃত্বৰ হাততেই জাতিয়ে ঠগন খাই থকা দেখা যায় ৷ ধৰ্ম ৰক্ষা কৰাৰ পণ লৈ ধাৰ্মিক দেখুৱাসকলৰ হাততে ধৰ্মই লাঞ্ছিত হৈ আছে ৷ ঠিক তেনেদৰে সমাজৰ প্ৰায় প্ৰতিটো বিষয়ৰ লগত জড়িত কাণ্ডাৰীসকলৰ হাততেই জাতিটোৱ বা সমাজখনে ঠগ খাই আছে ৷ এতিয়া জোৰ পুৰি হাত পোৱাৰ পিছতো যদি আমি এক হৈ সেই সকলক চিনাক্ত কৰি এঘৰীয়া নকৰো, তেতিয়াহ’লে আমাৰ আৰু নিস্তাৰ নাই৷''

ৰঙিয়াত এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই ৷ মঙলবাৰে ৰঙিয়াৰ মৰাণজানাৰ বৰশিল বালিকা প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গণত নৱ গঠিত দক্ষিণ ৰঙিয়া মিলন শাখা সাহিত্য সভাৰ স্বীকৃতি প্ৰদান আৰু আজীৱন সভ্যৰ প্ৰমাণপত্ৰ প্ৰদানৰ হেতু আয়োজিত সাধাৰণ সভাত মুখ্য অতিথি ৰূপে উপস্থিত থাকে প্ৰধান সম্পাদক ড° শৰ্মা ৷

বিশিষ্ট সাহিত্যিক তথা সংগঠক ডিম্বেশ্বৰ বৰুৱাৰ পৌৰোহিত্বত অনুষ্ঠিত সাধাৰণ সভাখনত শুভেচ্ছামূলক বক্তব্য ৰাখে কেন্দ্ৰীয় সভাৰ ৰামধেনু উপ-সমিতিৰ আহ্বায়ক অজিত প্ৰসাদ শৰ্মা, জনগোষ্ঠী ইতিহাস প্ৰকল্প উপ-সমিতিৰ আহ্বায়ক ডা° বিপিন চন্দ্ৰ কলিতা আৰু কামৰূপ জিলা সাহিত্য সভাৰ সম্পাদক ৰজনী শালৈয়ে৷ অসম সাহিত্য সভাৰ মাতৃভাষা-ৰাজ্যভাষা প্ৰয়োগ উপ-সমিতিৰ আহ্বায়ক হেমন্ত কলিতা, লোক পৰিবেশ্য কলা সংবৰ্ধন আৰু সংৰক্ষণ উপ-সমিতিৰ আহ্বায়ক ডা° সমৰ তালুকদাৰ, ৰাজ্যিক কাৰ্যনিৰ্বাহক ডিম্বেশ্বৰ পাঠক, বিশেষভাৱে আমন্ত্ৰিত ৰাজ্যিক কাৰ্যনিৰ্বাহক অতুল শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, কামৰূপ জিলা সাংবাদিক সন্থাৰ সভাপতি তথা জিলা সভাৰ সহঃ সম্পাদক প্ৰকাশ ডেকা, অধ্যক্ষ তথা সাহিত্য সংগঠক ভূৱনেশ্বৰ লহকৰ প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে তহিদৰ ৰহমানে ৷

২০০৩ চনতে প্ৰতিষ্ঠা লাভ কৰা শাখাটি স্বীকৃতি লাভ কৰা নকৰাৰ লগতে নিস্ক্ৰীয় হৈ আহিছিল। শেহতীয়াকৈ হিতৈষী সভ্য হিচাপে প্ৰমাণপত্ৰ গ্ৰহণ কৰা বিশিষ্ট কবি সৰোজিনী বসুমতাৰী প্ৰমূখ্যে ২৭ গৰাকী আজীৱন সভ্যৰে শাখাটি পুণৰ উজ্জ্বিৱীত হৈ অসম সাহিত্য সভাৰ স্বীকৃতি লাভ কৰে ৷ মনোজ্ঞ অনুষ্ঠানটোত কবি ডিম্বেশ্বৰ পাঠক , সৰোজিনী বসুমতাৰী আৰু অন্নদা বড়ো ৰংপিয়ে কবিতা পাঠ কৰি মোহিত কৰে ৷

সভাত জয়নুৰ আলী প্ৰমূখ্যে বক্তাসকলে শাখাটি পুনৰুজ্জীৱিত সন্দৰ্ভত বক্তব্য ৰাখে ৷ একেখন মঞ্চতে জ্যেষ্ঠ সাহিত্যকৰ্মী ডিম্বেশ্বৰ বৰুৱাক সভাপতি আৰু তহিদৰ ৰহমানক সম্পাদক হিচাপে লৈ দক্ষিণ ৰঙিয়া মিলন সাহিত্য সভাৰ পূৰ্ণাঙ্গ সমিতিখন গঠন কৰা হয় ৷

পুনৰ উজ্জ্বিৱীত হ’ল দক্ষিণ ৰঙিয়া মিলন সাহিত্য সভা...
৬ লাখ অসংগঠিত শ্ৰমিকে পাব ৰেচন কাৰ্ড, উত্তৰ গুৱাহাটী সংযোগী দলংৰ ব্যয় ৩,০৩০ কোটিলৈ বৃদ্ধি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in