ৰৌতাৰ অসমী বিহুৱা দলৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা

কৰ্মশালাত বিহু নাচৰ ভংগিমা, বিহু নাচৰ মুদ্ৰা, ঢোল বাদন, পেপা বাদন, গগণা বাদন আদি সম্পৰ্কে শিকোৱা হৈছে

author-image
Asomiya Pratidin
New Update
ৰৌতাৰ অসমী বিহুৱা দলৰ উদ্যোগত বিহু নাচৰ কৰ্মশালা

ডিজিটেল সংবাদ, ওৰাং: পদুলি মুখত হেঁপাহৰ ৰঙালী। বাপতি সাহোন ৰঙালীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে বিহুৰ কৰ্মশালা।

সমান্তৰালভাৱে হেঁপাহৰ ৰঙালীক আদৰাত ব্যস্ত বি টি আৰৰ ৰৌতা অঞ্চল। ৰৌতাৰ অসমী বিহুৱা দলৰ তত্বাৱধানত দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত চলিছে ৮ দিনীয়াকৈ বিহুৰ কৰ্মশালা।

কৰ্মশালা কৰ্তৃপক্ষই জনোৱা অনুসৰি, বিভিন্ন জাতি-জনগোষ্ঠীৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে । কণ কণ শিশু, যুৱক-যুৱতীয়ে কঁকাল ভাঙি নাচিছে। কৰ্মশালাত বিহু নাচৰ ভংগিমা, বিহু নাচৰ মুদ্ৰা, ঢোল বাদন, পেপা বাদন, গগণা বাদন আদি সম্পৰ্কে শিকোৱা হৈছে।

উল্লেখ্য যে, ৰৌতাৰ অসমী বিহুৱা দলে প্ৰতিবছৰে অনুষ্ঠিত কৰি আহিছে বিহুৰ কৰ্মশালা।

Also Read: ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে জীপাল কৃষক শ্ৰমিক সংঘৰ অৱৰোধ কাৰ্যসূচী

Bohag Bihu