প্ৰতিদিন ডিজিটেল সংৱাদ, ৰূপহীহাট : বৃহস্পতিবাৰে দিন দুপৰতে ৰূপহীহাটৰ ৰূপহী সোনাই নদীৰ পকী দলঙৰ তলত এটা গ্ৰেনেড আৰুএটা হস্ত নিৰ্মিত পিষ্টল উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ৰূপহীহাটৰ সোণাই নৈৰ দলঙৰ তলৰ পৰা উদ্ধাৰ হোৱা গ্ৰেনেড আৰু হস্ত পিষ্টলটো উদ্ধাৰ কৰিছে আব্দুল ফাৰুক নামৰ যুৱক এজনে ৷
যুৱকজনে বটল বুটলি ফেক্টৰীত বেছি অৰ্থ উপাৰ্জন কৰে ৷ পূৰ্ববৰ দৰে বৃহস্পতিবাৰেও প্লাষ্টিকৰ বটল বিছাৰি দলঙৰ তলত বটলৰ লগতে এটা পলিথিনৰ ভিতৰত মেৰিয়াই থোৱা টোপোলাটো পায় ৷ পিছত সি এইটো কি বুলি খুলি দেখে এটা পিষ্টল আৰু এটা গ্ৰেণেড ৷ সি ভয়ত ইজন সিজনক দেখুৱাই কৈ ফুৰে ৷
পিছত উদ্ধাৰ হোৱা গ্ৰেণেডটো আৰু হস্তনিৰ্মিত পিষ্টলটো ৰূপহীহাট আৰক্ষী থানাত চমজাই দিয়ে। এনেদৰেই এদিনৰ পিছত এদিনকৈ অঞ্চলটোত ড্ৰাগছৰ বেহা, জুৱাকে লৈ অসৎ কাৰ্যবোৰ বাঢ়ি বাঢ়ি অৱশেষত য'তে ত'তে মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোলৈ বিপদ নামি অহা বুলি স্থানীয় লোকে মত প্ৰকাশ কৰিছে ৷