ডিজিটেল ডেস্কঃ ভাল খবৰ! আমেৰিকাৰ নিৱাসী তথা অসমৰ সু-সন্তান ড০ ৰূপম জ্যোতি শৰ্মাক হোৱাইট হাউছৰ প্ৰেচিডেন্সিয়েল ইনোভেচন ফেল' আৰু স্বাস্থ্য গৱেষণা সংস্থাৰ জ্যেষ্ঠ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হৈছে।মঙলবাৰে শৰ্মাই মাৰ্কিন ৰাষ্ট্ৰপতিৰ প্ৰথম অসমীয়া ইনোভেচন ফেল হিচাপে শপত গ্ৰহণ কৰে।
বহাগ বিহুৰ পূৰ্বে অহা এই খবৰে সমগ্ৰ অসমবাসীৰ বাবে গৌৰৱৰ বিষয়। ১৪ এপ্ৰিল বিহুৰ দিনাই ডঃ শৰ্মাই হোৱাইট হাউছৰ আদৰণি অনুষ্ঠানত অংশ ল'ব অসমৰ সু সন্তান গৰাকীয়ে।
উল্লেখ্য যে, যোৰহাটত জন্ম গ্ৰহণ কৰা শৰ্মাই যোৰহাট আৰু গোলাঘাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত জগন্নাথ বৰুৱা মহাবিদ্যালয়ত প্ৰাক স্নাতক লাভ কৰি যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা ইলেক্ট্ৰনিক বি ই ডিগ্ৰী লাভ কৰিছিল।পৰৱৰ্তী সময়ত আমেৰিকাৰ জৰ্জ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী লাভ কৰিছিল।
১৯৯১ চনতে আমেৰিকালৈ যোৱা ৰূপম শৰ্মাই বিগত সময়চোৱাত বহুকেইটা আগশাৰীৰ কোম্পানীৰ শীৰ্ষ পদত নিযুক্তি লাভ কৰিছিল।বিভিন্ন সময়ত চৰকাৰী বিভাগৰো দায়িত্ব পালন কৰি আহিছিল তেওঁ।
যোৱা নৱেম্বৰত কেলিফৰ্ণিয়া চৰকাৰে স্বাস্থ্য সেৱা, কৃত্ৰিম বুদ্ধিমত্তা আৰু গৱেষণা প্ৰযুক্তি তথ্ উদ্ভাৱনৰ ক্ষেত্ৰথনত নেতৃত্ব প্ৰদান কৰাৰ বাবে মুখ্য প্ৰযুক্তি বিষয়া হিচাপে নিযুক্তি দিছিল।
কেৱল ইমানেই নহয়। বহুমুখী প্ৰতিভাসম্পন্ন শৰ্মাই আমেৰিকাত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। যাৰ বাবে তেওঁ গ্ৰেমীৰ সদস্য হিচাপেও নিৰ্বাচিত হয়।সংগীতৰ ক্ষেত্ৰত তেওঁ নিপুন সেয়া প্ৰতিপন্ন কৰিছে গিনিজ বুকত স্থান লাভৰ দ্বাৰা। বিশ্ব শান্তিৰ হকে শৰ্মাই ৩১৫ বিধ পৃথক বাদ্যযন্ত্ৰৰ জৰিয়তে ৫০০ গৰাকী শিল্পীৰ দ্বাৰা এক সংগীতৰ ছিম্ফনী সৃষ্টি কৰি এই ৰেকৰ্ডত স্থান লাভ কৰিছিল। তেওঁ বহু সময়ত ছবিও পৰিচালনা কৰিছে। বিভিন্ন ক্ষেত্ৰত ৰূপম শৰ্মাৰ অৱদান অতুলনীয়।
Also Read: ৪৫তম অল আসাম আৰ্ম ৰেষ্টলিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন বিশালৰ