ভাল কথা কোৱা মানুহ লাগে বুলি হে ৰাইজে গৌৰৱ গগৈক সাংসদ পাতিলেঃ ৰূপজ্যোতি কুৰ্মী

ভাল কথা কোৱা মানুহ লাগে বুলি হে ৰাইজে 
গৌৰৱ গগৈক সাংসদ পাতিলেঃ ৰূপজ্যোতি কুৰ্মী
Published on
Updated on

ডিজিটেল সংবাদ,বিহালীঃ "যিদৰে অৰ্জুনৰ লক্ষ্য চৰাইৰ চকুটো ঠিক তেনেদৰে আমাৰ লক্ষ্য বিজয় সাব্যস্ত কৰা ৷ সন্মুখত প্ৰতিদ্বন্দী কোন সেইয়া আমাৰ বিচাৰ্য বিষয় নহয়" এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। নিৰ্বাচনী গৰম বতাহৰ মাজতে আজি বিহালীত উপস্থিত হৈ এনেদৰে কেইবাটাও মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

তেওঁ আৰু কয় যে, গৌৰৱ গগৈ ভাগ্যৰ বলত হে সাংসদ হ'ল ৷ তেওঁ যদি পূৰ্বৰ কলিয়াবৰ বা বৰ্তমানৰ কাজিৰঙা সমষ্টিৰ পৰা নিৰ্বাচন খেলিলে হয় তেন্তে হাৰিলে হয় ৷ কাৰণ তেওঁ দহ বছৰে তাত কামেই নকৰিলে ৷ তেওঁ মণিপুৰৰ ঘটনাক লৈ ইংৰাজী আৰু হিন্দীত ভাষণ দিছিল আৰু সেইটোৱেই সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত প্ৰচাৰ চলিল। ভাল কথা কোৱা মানুহ এজন লাগে বুলি ভাবি হে তেওঁক যোৰহাটৰ ৰাইজে সাংসদ পাতিলে।

উল্লেখযোগ্য যে, সমাগত ৰাজ্যৰ ৫ বিধানসভা উপ নিৰ্বাচনৰ পূৰ্বে বিহালী সমষ্টিত বিজেপিৰ মাৰাথান প্ৰচাৰ পৰিলক্ষিত হৈছে। বিজেপিৰ কেইবাগৰাকীও সাংসদ, মন্ত্ৰী, বিধায়কে বিহালীৰ বুথে বুথে গৈ প্ৰচাৰ চলাইছে। আজি এইদৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে চাহ জনগোষ্ঠী, আদিবাসী লোকৰ মাজত ব্যাপক প্ৰচাৰ চলায়।

সাংবাদিকৰ আগত কুৰ্মীয়ে কয়, গৌৰৱ গগৈয়ে যোৰহাটৰ দুৰ্গা পূজাত গৈছে কিন্তু চান্দা দিয়া নাই, মৰিয়নিৰ বানৰ সময়তো মাত্ৰ এদিন গৈছিল।যোৰহাট সমষ্টিৰ ৰাইজে ৬ মাহ নহওঁতেই গম পাই গ'ল যে তেওঁলোকে এজন কাম নথকা সাংসদক জিকালে। সেই গৌৰৱ গগৈয়ে বিহালীত আহি লেকচাৰ মাৰিলে লাভ নহ'ব। গৌৰৱ গগৈৰ প্ৰভাৱ ইয়াত শূণ্য।

ইয়াৰোপৰি ৰকিবুল হুছেইনক উদ্দেশ্যিও কেবাটাও মন্তব্য কৰে কুৰ্মীয়ে। তেওঁ কয়, ৰকিবুলে সস্তীয়া ৰাজনীতি কৰিয়ে ইমান দিনে জিকি আছিল। মাৰ পিট, ভয় ভাবুকি, শেহতীয়াকৈ গুন্দা বাহিনী নমাই বিজেপি কৰ্মী মাৰ্ডাৰ কৰিলে। এইবাৰ চামগুৰিত ভয় ভাবুকিৰ ৰাজনীতি কাম নিদিব। এইবোৰ সংখ্যালঘু, গো-মাংস, গাহৰি মাংস, হাঁহ, পাৰ মাংস এইবোৰ লৈ ৰাজনীতি কৰি লাভ নাই।চামগুৰিত ৰাইজে এইবাৰ কংগ্ৰেছক বিদায় দি উন্নয়নকামী বিজেপিক ভোট দিয়াটো নিশ্চিত।

উল্লেখ্য যে, আগন্তুক নিৰ্বাচনত চাহ জনগোষ্ঠীয় ভোট যাতে বিজেপিৰ বিৰুদ্ধে নপৰে তাৰ বাবে বিশেষ কৌশল অৱলম্বন কৰিছে বিজেপিয়ে। ইতিমধ্যে ৪গৰাকীকৈ বিধায়ক আৰু এগৰাকী সাংসদে বাহৰ পাতি বাগিছাই বাগিছাই চলাইছে প্ৰচাৰ অভিযান।

ভাল কথা কোৱা মানুহ লাগে বুলি হে ৰাইজে 
গৌৰৱ গগৈক সাংসদ পাতিলেঃ ৰূপজ্যোতি কুৰ্মী
কামপুৰত কপিলী নৈৰ বুকুত জাহ গ’ল কেইবা কোটি টকীয়া মাথাউৰি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in