ডিজিটেল সংবাদ, ৰূপহীহাট : ৰূপহীহাটৰ তাৰাবাৰী পূব বৰপকা বালিকা মোক্তাৱ বিদ্যালয়ৰ বিৰুদ্ধে অনিয়মৰ অভিযোগ। লাওখোৱা শিক্ষাখণ্ডৰ অন্তৰ্গত ৮৪ নং বৰপকা মোক্তাৱ বিদ্যালয়খনত দীৰ্ঘদিন ধৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰি আহিছে এক দুৰ্গন্ধময় আৰু অপুষ্টিকৰ খাদ্য।
প্ৰধান শিক্ষক জামাল উদ্দিনৰ মইমতালিৰ বাবেই ছাত্ৰ-ছাত্ৰী সকলে গ্ৰহণ কৰিবলগীয়া হৈছে এনে পোকযুক্ত দুৰ্গন্ধময় খাদ্য। শুকুৰবাৰে দুপৰীয়া প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকল। আনহাতে প্ৰধান শিক্ষক গৰাকীয়ে অবৈধভাবে পাতিলোৱা সভাপতিৰে বিদ্যালয়খনত লুণ্ঠনৰাজ চলোৱাৰো আন এক অভিযোগ উত্থাপিত হৈছে।
আনপিনে এই অবৈধ সভাপতি আৰু দুৰ্নীতিকাৰী প্ৰধান শিক্ষকগৰাকীক ৰক্ষণাবেক্ষণ দিয়াৰ আন এক অভিযোগ তুলিছে লাওখোৱা প্ৰাথমিক শিক্ষাখণ্ডৰ শিক্ষা বিষয়া গ্ৰন্থম শইকীয়াৰ বিৰুদ্ধে।
দুৰ্নীতিকাৰী প্ৰধান শিক্ষক আৰু সভাপতিৰ বিৰুদ্ধে ব্যাৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষাবিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ ওচৰত ৰাইজে জনোৱাৰ পিছটো কোনো ব্যৱস্থা নোলোৱাত ৰাইজে পুনৰ উচিত ব্যৱস্থাৰ দাবী জনাইছে ৷