ডিজিটেল সংবাদ, চিৰাংঃ মঙলবাৰে পুৱা কাজলগাঁৱৰ সমীপৰ হাতীপোতা গাঁৱৰ ধাননি পথাৰত এডাল অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ হয়। পূৰ্বতে ৰাছেল ভাইপাৰৰ অস্তিত্ব নথকা গাঁওখনত আজি হঠাতেই ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ হোৱাৰ বাতৰি বিয়পি পৰাৰ পিছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।
উল্লেখ্য যে যোৱা কিছুদিন ধৰি অতি বিষাক্ত সাপডালক কেন্দ্ৰ কৰি সামাজিক মাধ্যমত আতংক বিয়পি পৰাৰ পিছত আজি স্বচকুৰে ৰাছেল ভাইপাৰ সাপ চাবলৈ যথেষ্ট ৰাইজৰ ভীৰ হোৱা পৰিলক্ষিত হয় । আজি পুৱাৰ ভাগত ধাননি পথাৰত কাম কৰি থকা অৱস্থাত এজন স্থানীয় লোকে সাপডালক প্ৰত্যক্ষ কৰে।
পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে বিষাক্ত ৰাছেল ভাইপাৰ ডালক উদ্ধাৰ কৰি প্লাষ্টিকৰ বাল্টিত ভৰাই থৈ দিয়ে । পিছলৈ কাজলগাঁওস্থিত বনবিভাগৰ কাৰ্য্যালয়ত যোগাযোগ কৰাত বনবিভাগৰ লোক গাঁৱত উপস্থিত হোৱাৰ পিছত ৰাছেল ভাইপাৰ ডালক তেওঁলোকৰ হাতত গতাই দিয়ে।
Also Read: মেট্ৰিক দিব নেকি আপোনাৰ সন্তানে ? জানি থওক এই গুৰুত্বপূৰ্ণ খবৰ...