উৎফুল্লিত বি টি আৰ: দুই সাহিত্যিকে আজুৰিলে সাহিত্য অকাডেমি বঁটা...

কোকৰাঝাৰৰ প্ৰতিমা নন্দী নাৰ্জাৰীলৈ শিশু সাহিত্য বঁটা। ওদালগুৰীত মাইনাওশ্ৰী দৈমাৰীলৈ যুৱ সাহিত্য বঁটা...

author-image
Asomiya Pratidin
New Update
উৎফুল্লিত বি টি আৰ: দুই সাহিত্যিকে আজুৰিলে সাহিত্য অকাডেমি বঁটা...

ডিজিটেল সংবাদ, কোকৰাঝাৰ : শুকুৰবাৰে ঘোষিত সাহিত্য অকাডেমি বঁটাত কোকৰাঝাৰ আৰু ওদালগুৰী জিলাৰ দুগৰাকীকৈ মহিলা সাহিত্যিকে বড়ো ভাষাৰ চুটি গল্প আৰু কবিতা পুথিৰে সাহিত্য অকাডেমি বঁটা লাভ কৰি সমগ্ৰ বিটিআৰলৈ সুনাম কঢ়িয়াই আনিছে ৷

কোকৰাঝাৰ চহৰৰ হাতীমাথাৰ নিৱাসী প্ৰতিমা নন্দী নাৰ্জাৰীৰ বড়ো ভাষাত প্ৰকাশিত "গছাইনি গৌজৌন নৌজৌৰ“(ভগৱানৰ সুদৃষ্টি) নামৰ চুটি গল্পৰ বাবে ২০২৩ বৰ্ষৰ সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা লাভ কৰিছে ৷ হাতিমাথাৰ নিবাসী প্ৰয়াত ড° ফনীন্দ্ৰ নাৰ্জাৰীৰ সহধৰ্মীণি প্ৰতিমা নন্দী নাৰ্জাৰীৰ সৰুৰে পৰা সাহিত্য চৰ্চাত আগ্ৰহ থকাৰ বাবে বৰ্তমানে তেখেত বিভিন্ন বিষয়ৰ ২৬ খন পুথি প্ৰকাশ কৰে ৷

শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপ্তিৰ খবৰ পাই আনন্দিত হোৱাৰ অনুভৱ ব্যক্ত কৰিছে লেখিকাগৰাকীয়ে ৷ নাৰ্জাৰীৰ এই বঁটা লাভে তেওঁক অধিক লিখা-মেলাত উৎসাহিত কৰিব বুলি মত ব্যক্ত কৰে ৷ এইক্ষেত্ৰত বড়ো ভাষা সাহিত্যৰ উত্তৰণত সাহিত্য অকাডেমি বঁটাত স্থান পোৱা জয়যাত্ৰাৰ খবৰে নিশ্চয়কৈ নতুন প্ৰজন্মৰ সাহিত্যিক-লেখকসকলক উদগনি যোগাব বুলি মত প্ৰকাশ কৰে ৷ ইপিনে ওদালগুৰিৰ মাইনাওশ্ৰী দৈমাৰীয়েও যুৱ সাহিত্য বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ এই খবৰে স্বাভাৱিকতেই আনন্দৰ পৰিৱেশে ৰিৰাজ কৰিছে বি টি আৰত।

Also Read: ধেমাজিত দিনদুপৰতে ইটোৰ পাছত সিটো চুৰিৰ ঘটনা: ব্যৰ্থ আৰক্ষী...

assam sahitya sabha btr