গহপুৰত 'আকাশ' উপ-সমিতিৰ উদ্যোগত সাহিত্যনুষ্ঠান

গহপুৰত 'আকাশ' উপ-সমিতিৰ উদ্যোগত সাহিত্যনুষ্ঠান
Published on
Updated on

ডিজিটেল সংবাদ, ছয়দুৱাৰ: বিশ্বনাথ জিলা সাহিত্য সভাৰ অন্তৰ্গত 'আকাশ' উপ-সমিতিৰ উদ্যোগত আৰু গহপুৰ শাখা সাহিত্য সভাৰ সহযোগত দিনযোৰা বৰ্ণাঢ্য কাৰ্য্যসূচীৰে দেওবাৰে এখন সাহিত্যনুষ্ঠানৰ কাৰ্য্যসূচী আৰু 'আকাশ' উপ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়।

গহপুৰ শাখা সাহিত্য সভা ভৱনত অনুষ্ঠিত উক্ত সাহিত্যনুষ্ঠানত পৌৰহিত্য কৰে 'আকাশ' উপ সমিতিৰ কাৰ্য্যকৰী সভানেত্ৰী তথা কলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা দীপালী শইকীয়া পূজাৰীয়ে।আকাশ উপ সমিতিৰ আহ্বায়িকা শান্তিৰাণী বৰুৱাই উদ্যেশ্যে বাখ্যা কৰা উক্ত অনুষ্ঠানটোৰ আঁত ধৰে আন এগৰাকী আহ্বায়িকা বৰ্ণালী শইকীয়াই।

গহপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী নিকুঞ্জ কোঁৱৰ মহন্তই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে গহপুৰ শাখা সাহিত্য সভাৰ সভাপতি মুখেশ্বৰ বৰাই।গহপুৰ শাখা সাহিত্য সভাৰে জড়িত লীলা তিমছিনা আৰু তেজেন হাজৰিকাৰ বাদ্য সংগতেৰে অসম সাহিত্য সভাৰ শীৰ্ষ গীত "চিৰ চেনেহী মোৰ ভাষা জননী" পৰিৱেশন কৰে গহপুৰ শাখা সাহিত্য সভাৰ মহিলাসকলে।

উক্ত সাহিত্যনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা "নাৰী তুমি অনন্যা" শীৰ্ষক বক্তৃতা অনুষ্ঠানত বক্তৃতা আগবঢ়াই কবি,সাহিত্যক,সু-লেখিকা বৰ্ণালী কটকী ওজা আৰু অঞ্জু বৰা দত্তই।উক্ত অনুষ্ঠানত শৈক্ষিক, সামাজিক, আধ্যাত্মিক,সাহিত্য আৰু সাংস্কৃতিক জগতলৈ অফুৰন্ত বৰঙণি আগবঢ়োৱা ৫ গৰাকী বিশিষ্টা মহিলাক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সেই অনুসৰি বিশিষ্ট কবি,সাহিত্যিক,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী তথা অবিভক্ত শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী লোকেশ্বৰী সন্দিকৈ, কলাবাৰী শাখা সাহিত্য সভাৰ আজীৱন সদস্যা তথা কলাবাৰী শাখা লেখিকা সংস্থাৰ সভানেত্ৰী কিৰন প্ৰভা বৰা,এসময়ৰ বোলছৱি অভিনেত্ৰী তথা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ হাতৰ পৰা বিহুকুঁৱৰীৰ পুৰস্কাৰ গ্ৰহণ কৰাৰ সৌভাগ্য ঘটা বিভিন্ন কবিতা আৰু গল্পৰ লিখক বিৰজা হাজৰিকা, গহপুৰ শাখা সাহিত্য সভাৰ উপ সভানেত্ৰী,বিশিষ্ট লেখিকা, সাহিত্যসেৱী,অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰীণা বৰা আৰু বিশিষ্ট সমাজসেৱীকা,সাহিত্যিসেৱী,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ভদ্ৰেশ্বৰী বৰাক বিশ্বনাথ জিলা সাহিত্য সভা আৰু আকাশ উপ সমিতিয়ে ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰে।

আটাইকেইগৰাকীকে বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি প্ৰদীপ শৰ্মা,সাধাৰণ সম্পাদক শোভন চন্দ্ৰ শইকীয়া, আকাশ উপ সমিতিৰ কাৰ্য্যকৰী সভানেত্ৰী দীপালী শইকীয়া পূজাৰী আৰু আহ্বায়িকা দ্বয় শান্তিৰাণী বৰুৱা আৰু বৰ্ণালী শইকীয়াৰ স্বাক্ষৰ সম্বলিত একোখনকৈ সম্বৰ্ধনা পত্ৰ আৰু চেলেং চাদৰে সম্বৰ্ধনা জনোৱা হয়।উক্ত অনুষ্ঠানত গহপুৰ পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া নমিতা বৰা,বিশ্বনাথ জিলা সাহিত্য সভাৰ সাধাৰণ সম্পাদক শোভন চন্দ্ৰ শইকীয়া, উপ সভাপতি মহেন্দ্ৰ গগৈ, অসম সাহিত্য সভাৰ ৰাজ্যিক নাট্য উপ সমিতিৰ আহ্বায়ক দিলীপ কুমাৰ শৰ্মা, অসম সাহিত্য সভাৰ মনোনীত সদস্য চম্পক গগৈ আদি উপস্থিত থাকি বক্তব্য প্ৰদান কৰে।

অনুষ্ঠানটোত মালৱিকা ভাগৱতী, বিজয়া দত্ত,বিৰজা হাজৰিকা, দীপাঞ্জলী বৰুৱা, তাপ্তি দুতি বৰুৱা, ঋতুস্মিতা গগৈ, তেজেন হাজৰিকাই কবিতা পাঠ,যমুনা বৰা,বিজু বৰুৱা,নামাঞ্জলী বৰুৱা আৰু বৈজয়ন্তী নেওগ বৰাই গীত,কুঞ্জ নেওগৰ দলে দিহানাম,হেমপ্ৰভা বৰাই একক অভিনয়, কুনুমাই দাসে গল্প পাঠ কৰি সাহিত্যনুষ্ঠানটো অধিক আকৰ্ষণীয় কৰি তোলে।সভাপতিৰ ভাষণত দীপালী শইকীয়া পূজাৰীয়ে কাব্য-সাহিত্যৰ প্ৰতি নৱপ্ৰজন্মক আকৰ্ষিত কৰি তুলিব পৰাকৈ বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰি ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ থকা মহিলাসকলকো এই সাহিত্যৰ জগতখনৰ সৈতে সংপৃক্ত কৰিবলৈ তেওঁলোকে কাম কৰি যাব বুলি উল্লেখ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in