অসম-উত্তৰপূৰ্বাঞ্চলৰ সাইভক্তৰ পৰ্ত্তীযাত্ৰাৰ কাৰ্যসূচী সম্পন্ন...

অসম-উত্তৰপূৰ্বাঞ্চলৰ সাইভক্তৰ পৰ্ত্তীযাত্ৰাৰ কাৰ্যসূচী সম্পন্ন...
Published on
Updated on

ডিজিটেল ডেস্কঃ শ্ৰীসত্য সাইবাবাৰ জন্মভূমি পুত্তাপৰ্ত্তীত শ্রীসত্য সাই সেৱা সংগঠনৰ উদ্যোগত যোৱা কিছু বছৰৰপৰা সমগ্ৰ বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ ভক্তসকলৰ বাবে পৰ্ত্তীযাত্ৰাৰ কাৰ্যসূচী হাতত লৈ অহা হৈছে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ভক্তসকলৰ কাৰণে প্ৰথমবাৰৰ বাবে যোৱা ১৪ আৰু ১৫ জুলাইৰ দিন দুটা পৰ্ত্তীযাত্ৰাৰ বাবে নিৰ্ধাৰণ কৰা হৈছিল। এই কাৰ্যসূচীত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ ৭০০ৰো অধিক ভক্তই অংশগ্রহণ কৰে।

উক্ত দুয়ো দিনেই প্রশান্তি নিলয়মৰ সাই কুলৱন্ত হলত আয়োজিত বিভিন্ন অনুষ্ঠানত অংশ লোৱাৰ উপৰিও পুত্তাপৰ্ত্তীৰ থকা শ্ৰীসত্য সাইবাবাৰ জন্মস্থান, বিভিন্ন মন্দিৰ, কল্পতৰু বৃক্ষ, ধ্যানবৃক্ষ, চৈতন্য জ্যোতি মিউজিয়াম, শ্রীসত্য সাই সনাতন সংস্কৃতি মিউজিয়াম, প্ৰাইমাৰী স্কুলৰপৰা বিশ্ববিদ্যালয়লৈ বিভিন্ন শিক্ষানুষ্ঠান, তাৰকাগৃহ, হাস্পতাল, হিল ভিউ ষ্টেডিয়াম আদিও তেওঁলোকৰ ভ্ৰমণ কালত দৰ্শন কৰে।

পৰ্ত্তীযাত্ৰাৰ কাৰ্যসূচীৰ অংশ হিচাবে ১৪ আৰু ১৫ জুলাইত ভক্তসকলে শ্রীসত্য সাইবাবাৰ সমাধিৰ সন্মুখত শ্রী অসমৰ বাৰে ৰহণীয়া সংস্কৃতি প্ৰদৰ্শন কৰে। ১৪ জুলাইৰ ৰাতিপুৱা গুৱাহাটীৰ ৰূপনগৰৰ বাল বিকাশৰ ছাত্ৰীসকলে নাগাৰা নাম পৰিৱেশন কৰাৰ বিপৰীতে গুৰু ৰঞ্জমণি শ‍ইকীয়াৰ পৰিচালনাত দশাৱতাৰ নৃত্য আৰু ড° ভূপেন হাজৰিকাৰ “অসম আমাৰ ৰূপহী” গীতটিৰ আধাৰত প্ৰস্তুত কৰা সৃজনীমূলক নৃত্য পৰিবেশন কৰে।

উক্তদিনা আবেলি ডিব্ৰুগড়ত অৱস্থিত শ্রীসত্য সাই প্রশান্তি ডিভাইন ভেলী স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে টিৱা, হাজং, পৰ বড়ো, মিচিং, সত্ৰীয়া, ঝুমুৰ, লহৰী আদি নৃত্য সন্নিবিষ্ট কৰি অসমৰ লোকনৃত্য প্ৰদৰ্শন কৰে। আবেলিৰ অনুষ্ঠানৰ আৰম্ভণিতে সংগঠনৰ উত্তৰ-পূব মণ্ডলৰ মণ্ডলিক সভাপতি শ্রীসত্যেন শৰ্মাই বক্তব্য প্রদান কৰে । ১৫ জুলাই তাৰিখে ৰাতিপুৱা বাল বিকাশৰ বিদ্যার্থীসকলে খোল বাদন, মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ বৰগীতৰ আধাৰত “সীতা উদ্ধাৰ” নৃত্য আৰু গোৱালপৰীয়া নৃত্য নিৱেদন কৰা হয়।

আনহাতে আবেলিলৈ গোলাঘাটৰ শ্ৰীসত্য সাই বিদ্যা বিহাৰৰ শিক্ষাৰ্থীসকলে গায়ন-বায়ন, সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্যৰ লগতে অনুষ্ঠান পৰিবেশন কৰে অসমৰ পৰম্পৰাগত বাদ্যসংগীত বাদ্যযন্ত্ৰীয়ে। উল্লেখযোগ্য যে, অংশলোৱা ভক্তসকলৰ বাবে এখন সভাৰ আয়োজন কৰা হয়। এই সভাও শ্ৰীসত্য সাই সেৱা সংগঠনৰ কেন্দ্ৰীয় ন্যাসৰ ন্যাসৰক্ষী শ্ৰী আৰু জে. ৰত্নাকৰ আৰু উত্তৰ-পূব মণ্ডলৰ মাগুলিক সভাপতি শ্রীসত্যেন শর্মাই ভাষণ প্ৰদান কৰে।

ইয়াতেই গুৰু আসনৰ লগতে মেঘালয়ৰ পৰম্পৰাগত স্মাৰক চিহ্ন উপহাৰস্বৰূপে শ্রীসত্য সাই সেৱা সংগঠনলৈ আগবঢ়োৱা হয়। ইয়াৰ উপৰি ১৪ জুলাই তাৰিখে সন্ধিয়া পৰ্ত্তীযাত্ৰাত অংশগ্রহণকাৰীক ভক্তসকলে পুত্তাপৰ্ত্তীত গোকুলমৰপৰা গণেশ মন্দিৰলৈ এক শোভাযাত্রা উলিয়াই। অসমীয়াৰ উপৰিও বিভিন্ন জনগোষ্ঠীৰ-লোকসকলে তেওঁলোকৰ পৰম্পৰাগত পোছাক পিন্ধি অংশ লোৱা এই শোভাযাত্রা অতি আকর্ষণীয় হৈছিল বুলি মত প্ৰকাশ অংশগ্ৰহণকাৰীৰ। উল্লেখযোগ্য যে, ৰেলগাড়ীৰে অহা-যোৱা কৰা পৰ্ত্তীযাত্ৰাৰ ভক্তসকলৰ মাজত বীভূম, মালদহ, পশ্চিম-মেদিনাপুৰ, নেলোৰ আদিৰ সেৱাদলৰ সদস্যসকলে খাদ্য-সামগ্ৰীৰ টোপোলা বিতৰণ কৰি সেৱা আগবঢ়ায়।

অসম-উত্তৰপূৰ্বাঞ্চলৰ সাইভক্তৰ পৰ্ত্তীযাত্ৰাৰ কাৰ্যসূচী সম্পন্ন...
জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সন্ত্ৰাসঃ ৫ দিনত দুবাৰকৈ গুলীচালনাৰে আক্ৰমণ প্ৰব্ৰজনকাৰীক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in