ডিজিটেল সংবাদ, ঢকুৱাখনা: সমবায় সমিতিৰ নিৰ্বাচনৰ দৰে গ্ৰামাঞ্চলীয় নিকায় নিৰ্বাচনত ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেয়ে গণতান্ত্ৰিক ব্যৱস্থাত চূড়ান্ত পদাঘাট কৰিছে। ইয়াৰোপৰি ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই শাসক দলৰ এজেণ্টৰ দৰে কাম কৰি প্ৰশাসনৰ প্ৰতি ৰাইজৰ আস্থা বিশ্বাস নোহোৱা কৰিছে ।
এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ঢকুৱাখনা মহকুমাৰ খেৰকটা সমবায় সমিতিৰ গৰিষ্ঠ সংখ্যক যোগ্য অংশীদাৰীয়ে । শুক্ৰবাৰে খেৰকটা সমবায় সমিতিৰ বিশেষ সাধাৰণ সভা আৰু ২০২৩-২০২৮ বর্ষৰ বাবে নতুন সঞ্চালক মণ্ডলী নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিধিগত দিন নিৰ্ধাৰিত আছিল ।
লখিমপুৰ জিলা সমবায় সমিতি সমূহৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ দুগৰাকী নিৰ্বাচনী বিষয়াৰ উপস্থিতিত যোৱা ১৪ মাৰ্চত মনোনয়ন পত্ৰ সংগ্ৰহ কৰি শুক্ৰবাৰে ২৪ মাৰ্চত সমবায় আইন অনুসৰি বিশেষ বাৰ্ষিক অধিবেশনৰ লগতে সঞ্চালক মণ্ডলী গঠনৰ সভা আহ্বান কৰিছিল বিভাগে। কিন্তু এই বৈধ প্ৰক্ৰিয়াত বৃহস্পতি বাৰে নিষেধাজ্ঞা জনাই উপায়ুক্ত শোণিত সত্বাৱন আৰু মহকুমাধিপতি অৰিন্দম বৰুৱাই ।
চৰকাৰী নিৰ্দেশনা যোগে সমবায় সমিতিখনৰ বিশেষ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা বিধিগত প্ৰক্ৰিয়া বাতিল কৰাকলৈ শুক্ৰবাৰে ব্যাপক গণ প্ৰতিবাদ সাব্যস্ত হয় খেৰকটাত । কেইবা শতাধিক অংশীদাৰী শুক্ৰবাৰে দুপৰীয়া সমবায় সমিতিৰ কাৰ্যালয় চৌহদত উপস্থিত হৈ এনে অবৈধ কাৰ্যৰ সবল প্ৰতিবাদ কৰে।
অংশীদাৰী সকলে হাতে হাতে প্লে' কাৰ্ড লৈ সমবায় সমিতিৰ বৈধ নিৰ্বাচন প্ৰক্ৰিয়াক বাধা দিয়া উপায়ুক্ত মূর্দাবাদ, বিজেপি দলৰ এজেন্ট ৰূপী মহকুমাধিপতি অৰিন্দম বৰুৱা নিপাত যাওক , সমবায় সমিতিৰ নিৰ্বাচনক লৈ নিকৃষ্ট ৰাজনীতি কৰা বিধায়ক নব দলে গ বেক , বিজেপি মূর্দাবাদ , সমবায় সমিতিৰ নিৰ্বাচনত ৰাজনৈতিক হস্তক্ষেপ বন্ধ কৰক, মহকুমাধিপতি হুচিয়াৰ , শাসক দলৰ এজেন্ট ডি চি মূর্দাবাদ আদি শ্লোগান দি কাৰ্য্যালয় চৌহদ উত্তাল কৰি তোলে সুদীর্ঘ সময় ধৰি ।
বাৰ্ষিক সাধাৰণ সভা আহ্বান , নিখুঁত ভোটাৰ তালিকা প্ৰকাশকে ধৰি সকলো প্ৰক্ৰিয়া পৰিশুদ্ধ ভাবে সম্পন্ন কৰি মনোনয়ন গ্ৰহণ কৰাৰ পাছতো কি যুক্তিত শুক্ৰবাৰে অনুষ্ঠিত হব লগা বিশেষ বাৰ্ষিক সাধাৰণ সভা বাতিল কৰিলে তাৰ প্ৰত্যুত্তৰ লাগে বুলি সমস্বৰে দাবী জনায় ক্ষুব্ধ অংশীদাৰী সকলে ।
গেৰুৱা দলৰ ভিত্তিহীন অভিযোগৰ আলম লৈ জিলা আৰু মহকুমা প্ৰশাসনে অবিবেচকী ভূমিকা লৈ এনে অগনতান্ত্ৰীক নিৰ্দেশ জাৰি কৰাৰ অভিযোগ উত্থাপন কৰি উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে ন্যায়কামী অংশীদাৰী সকলে । জিলা উপায়ুক্ত শোণিত সত্বাৱন আৰু মহকুমাধিপতি অৰিন্দম বৰুৱাই গাদী ৰক্ষাৰ বাবে শাসক দলৰ আজ্ঞাবাহী ভৃত্যৰ ভূমিকা গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰশাসনিক বিষয়াৰ এনে পক্ষপাতী আচৰণ মানি লোৱা নহব বুলি সকীয়াই দিয়ে ।
উল্লেখ্য যে ঢকুৱাখনা সহকাৰী পঞ্জীয়ক কংকণা দত্তই এক নিৰ্দেশনা যোগে শুক্ৰবাৰে বিশেষ বাৰ্ষিক অধিবেশন আহ্বান কৰি বিভাগীয় ভাবে অধিসূচনা জাৰিৰে কাৰ্যসূচী ৰাজহুৱা কৰি বৈধ আৰু যোগ্য অংশীদাৰী সকলক নিমন্ত্ৰণ কৰি জাননী জাৰি কৰিছিল। কিন্তু বিভাগীয় নিৰ্দেশনা পদপিষ্ট কৰি জিলা আৰু মহকুমা প্ৰশাসনে কোনো সুস্পষ্ট কাৰণ প্রদর্শন নকৰি শুক্ৰবাৰৰ বিশেষ বাৰ্ষিক সভাখন বাতিল কৰাত প্ৰবল ক্ষোভ অসন্তুষ্টিৰ জোৱাৰ উঠিছে অংশীদাৰী সকলৰ মাজত। তাৰেই বৰ্হি প্ৰকাশ ঘটাই শুক্ৰবাৰে পঞ্জীয়ক বিষয়াৰ নিমন্ত্ৰণ ক্ৰমে কাৰ্য্যালয়লৈ আগমন ঘটা যোগ্য অংশীদাৰ সকলে এই গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে ।
সুদীর্ঘ সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰী সকলে প্ৰাথমিক ভাৱে সাব্যস্ত কৰা গণ প্ৰতিবাদ ভংগ কৰি অনাগত সময়ত অধিক জংগী ৰূপত ন্যায় প্ৰাপ্তিৰ দাবীত ধাৰাবাহিক সংগ্ৰাম কৰি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে ।
Also Read: জামুগুৰিহাটৰ বালিগাওঁ পথাৰত উদ্ধাৰ দুস্প্ৰাপ্য বৰটোকোলা