শিশু দুটিক অত্যাচাৰ চলোৱাৰ অভিযোগত মেনেজাৰৰ বিৰুদ্ধে এজাহাৰ চিকিৎসক দত্তৰ

পল্টনবজাৰ থানাত এজাহাৰ দাখিল ডাঃ সংগীতা দত্তৰ। কাৰাগাৰৰ ভিতৰৰ পৰাই এজাহাৰ দিলে সংগীতা দত্তই। মেনেজাৰ ৰিজু ৰয়ৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

author-image
Asomiya Pratidin
New Update
শিশু দুটিক অত্যাচাৰ চলোৱাৰ অভিযোগত মেনেজাৰৰ বিৰুদ্ধে এজাহাৰ চিকিৎসক দত্তৰ

ডিজিটেল ডেস্কঃ পল্টনবজাৰ থানাত এজাহাৰ দাখিল ডাঃ সংগীতা দত্তৰ। কাৰাগাৰৰ ভিতৰৰ পৰাই এজাহাৰ দিলে সংগীতা দত্তই। মেনেজাৰ ৰিজু ৰয়ৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

ৰিজু ৰয়ৰ বিৰুদ্ধে শিশু দুটিক অত্যাচাৰ চলোৱাৰ অভিযোগ দত্তৰ। অৱশ্যে পল্টন বজাৰ আৰক্ষীয়ে এতিয়াও পঞ্জীয়ন কৰা নাই গোচৰ। আৰক্ষীয়ে দুই-এদিনতে দাখিল কৰিব দত্তৰ দ্বিতীয়টো গোচৰৰ অভিযোগনামা।

উল্লেখ্য যে, শিশুক নিৰ্যাতন চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল ডাঃ সংগীতা দত্ত আৰু তেওঁৰ স্বামী ৱালিউল ইছলাম। তেতিয়াৰ পৰাই কাৰাগাৰতে আছে দুই স্বামী-স্ত্ৰী। ইতিমধ্যে আৰক্ষীয়ে দাখিল কৰিছে অভিযোগনামা।

জানিব পৰা মতে মানসিকৰোগত আক্ৰান্ত হৈছে সংগীতা দত্ত। বৰ্তমান চিকিৎসা চলি আছে দত্তৰ। অৱশ্যে সংগীতা দত্তৰ এই অভিযোগ সঁচা নে মিছা সেয়া সন্দেহৰ আৱৰ্তত। এতিয়াও দত্তই কৈ আছে যে তেওঁ নিৰ্যাতন চলোৱা নাছিল। তাৰমাজতে মেনেজাৰৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ।

Also Read: ড্ৰাগছ ব্যৱসায় আৰু নাবালিকা ধৰ্ষণৰ গোচৰত জড়িত অধিবক্তাক বহিষ্কাৰ...

Assam police