ডিজিটেল সংবাদ, ছয়দুৱাৰ : গহপুৰৰ সোলেঙীৰ শংকৰদেৱ শিক্ষা নিকেতনত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছিল হোৱা সংকল্প সমাৰোহ আৰু নৱাগত আদৰণি সভা। উক্ত অনুষ্ঠানসমূহৰ লগতে অভিনন্দন অনুষ্ঠানৰ দেওবাৰে সফলভাৱে সামৰণি পৰে।
উক্ত অনুষ্ঠানৰ জৰিয়তে নতুনকৈ নাম ভৰ্তি কৰা ছাত্র-ছাত্ৰীসকলে ভাল মানুহ হোৱাৰ সংকল্পৰে শপত বাক্য পাঠ কৰি আগন্তুক শৈক্ষিক যাত্ৰাৰ বাবে শিক্ষাগুৰু সকলৰ পৰা আৰ্শীবাদ গ্ৰহণ কৰে। শৈল্যজা সংকল্প ট্ৰাষ্টৰ অধীনস্থ উত্তৰ অসমৰ অন্য এক আগশাৰী শৈক্ষিক প্ৰতিষ্ঠান শংকৰদেৱ শিক্ষা নিকেতনৰ সভাপতি উদয় আদিত্য গোস্বামীয়ে আদৰণি ভাষণ প্ৰদান কৰে।
গোস্বামীয়ে কয় যে শিক্ষা দান হৈছে এক মহৎ সেৱা। উপৰি পুৰুষৰ পৰাই তেওঁলোকৰ ঘৰত শিক্ষা দান দিয়াৰ দৰে এটা পবিত্ৰ পৰম্পৰা চলি আহিছিল। উপৰি পুৰুষৰ সেই পবিত্ৰতাক জীয়াই ৰখাৰ মানসেৰে এই শংকৰদেৱ শিক্ষা নিকেতনখন প্ৰতিষ্ঠা কৰা বুলি ভাষণত উল্লেখ কৰে।
ইয়াৰোপৰি এই শৈক্ষিক প্ৰতিষ্ঠানখন পৰা যিমানেই মেধাৱী আৰু ভাল ছাত্র-ছাত্ৰীৰ জন্ম হ'ব সিমানেই তেওঁ গৌৰৱৰ অধিকাৰী হ'ব বুলি ভাষণত উল্লেখ কৰি বিদ্যালয়খনৰ প্ৰতিগৰাকী শুভাকাংখী আৰু শিক্ষাগুৰুক ভাষণৰ জৰিয়তে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰে সভাপতিগৰাকীয়ে। শংকৰদেৱ শিক্ষা নিকেতনৰ অধ্যক্ষ জয়ন্ত শইকীয়াই আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে ছয়দুৱাৰ মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: অঞ্জন কুমাৰ ওজাই।
অধ্যক্ষ ওজাই কয় যে, প্ৰতিখন শিক্ষানুষ্ঠানৰে সৰ্বগুণাকৰ মানৱ সৃষ্টিৰ লক্ষ্য হ'ব লাগে। সেই মহৎ লক্ষ্য শংকৰদেৱ শিক্ষা নিকেতন,গহপুৰে স্থিৰ কৰি লোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে এই শৈক্ষিক প্ৰতিষ্ঠানখনে পাঠ্যক্ৰমৰ শিক্ষাৰ উপৰিও নৈতিক শিক্ষা,মানবীয় প্ৰমুল্যবোধৰ শিক্ষা,যোগ শিক্ষা আৰু আধ্যাত্মিক শিক্ষাৰ ওপৰত গুৰুত্ব দি ছাত্র-ছাত্ৰীসকলক সমভাবে আগবঢ়াই লৈ যাবলৈ আন্তৰিক প্ৰয়াস চলাই আহিছে।এই শৈক্ষিক প্ৰতিষ্ঠানখনৰ পৰা যাতে মানৱতাৰ সপক্ষত থকা প্ৰকৃত মানৱ সম্পদৰ সৃষ্টি হয় তাৰ বাবে আশা প্ৰকাশ কৰে।
অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বিহপুৰীয়া বিধান সভা সমষ্টিৰ প্ৰাক্তন বিধায়ক দেবানন্দ হাজৰিকাই প্ৰতিগৰাকী ছাত্র-ছাত্ৰীক সদায় পিতৃ-মাতৃৰ প্ৰতিচ্ছবি মনলৈ আনি আগবাঢ়ি যাবলৈ পৰামৰ্শ আগবঢ়াই। গহপুৰৰ প্ৰতিষ্ঠিত মীন পালক অনুপ শৰ্মাই ভাষণৰ মাধ্যমেৰে কেবল চাকৰিমুখী নহৈ ব্যৱসায়ৰ জৰিয়তেয়ো যে সমাজত সুপ্ৰতিষ্ঠিত হ'ব পাৰি তাৰ উদাহৰণ দাঙি দৰে।
উল্লেখযোগ্য যে চলিত বৰ্ষত নিকেতনখনৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত ৯৩ গৰাকী আৰু কলা শাখাত ২৯ গৰাকীসহ সৰ্বমুঠ ১২২ গৰাকী ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। ১২২ জন মুঠ ছাত্ৰ ছাত্ৰীৰ ৭৫% ওপৰত ৭০ জন ছাত্ৰ ছাত্ৰীয়ে নম্বৰ লাভ কৰিছিল।
৮০% ওপৰত ১৭ জন , ৮৫% ওপৰত ১৪ জন আৰু ৯০% ওপৰত ১১ জনে নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছিল। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এই সকল ছাত্ৰ-ছাত্ৰীক নিকেতনখনে অভিনন্দন জ্ঞাপন কৰি আগন্তুক শৈক্ষিক যাত্ৰাৰ বাবে আশীৰ্বাদ প্ৰদান কৰে।
ইয়াৰোপৰি, বিজ্ঞান শাখাত ৯২.৪% নম্বৰ লাভেৰে নিকেতনখনৰ ভিতৰত শীৰ্ষস্থান দখল কৰা তনয় হাজৰিকা আৰু কলা শাখাত ৯২.২% লাভেৰে নিকেতনখনৰ ভিতৰত শীৰ্ষস্থান দখল কৰা ভাৱাৰ্ণব অশোক শইকীয়াক বিশেষভাবে অভিনন্দন জনোৱা হয়। এইবৰ্ষত নিকেতনখনৰ ছাত্ৰী ইচাৰাণী ভৰালীয়ে উচ্চতৰ মাধ্যমিকৰ ফলাফলত ইতিহাস বিষয়ত ১০০% নম্বৰ লাভেৰে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
তদুপৰি উচ্চতৰ মাধ্যমিকৰ ফলাফলত ভূগোল বিষয়ত অসমৰ ভিতৰত সৰ্বোচ্চ ১০০% নম্বৰ লাভ কৰা ৯জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত ৭ জন ছাত্ৰ ছাত্ৰী শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ। তেওঁলোক হ'ল ইচাৰাণী ভৰালী, ভাৱাৰ্ণব অশোক শইকীয়া, দর্শনা কাশ্যপ, উচ্চাকাংক্ষা নেৱাৰ, অটল কুমাৰ কাৰ্ডং, প্ৰাপ্তি বৰা, নিত্যাক্ষী নিৰলা।
তেওঁলোককো উক্ত অনুষ্ঠানত বিশেষভাৱে অভিনন্দন জনোৱা হয়। ইতিহাস আৰু ভূগোল বিষয়ত এই বিশেষ কৃতিত্ব কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ বাবে শংকৰদেৱ শিক্ষা নিকেতন,গহপুৰৰ দুই বিষয় শিক্ষক ক্ৰমে অভিজিত বৰা আৰু পাৰ্থ প্ৰতীম শইকীয়াক নিকেতনৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। তদুপৰি পদাৰ্থ বিজ্ঞান বিষয়ত আশাপ্ৰদ সফলতাৰ বাবে অধ্যক্ষ জয়ন্ত শইকীয়াকো সম্বৰ্ধনা জ্ঞাপন কৰে শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ সভাপতি উদয় আদিত্য গোস্বামী আৰু উপ সভাপতি উজ্বল গোস্বামীয়ে।
Also Read: উৰিয়ামঘাট গাওঁৰক্ষী বাহিনীৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা