কলা আৰু বিজ্ঞান শাখাত শীৰ্ষ স্থান পোৱা সংকল্পজিৎ আৰু নিখিলেশে অসমীয়াত লাভ কৰিছে ১০০ৰ ভিতৰত ১০০

এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ইংৰাজীক সৰ্বাধিক নম্বৰ লাভ কৰিছে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰীতম নাৰ্জাৰীয়ে

author-image
Asomiya Pratidin
New Update
কলা আৰু বিজ্ঞান শাখাত শীৰ্ষ স্থান পোৱা সংকল্পজিৎ আৰু নিখিলেশে অসমীয়াত লাভ কৰিছে ১০০ৰ ভিতৰত ১০০

ডিজিটেল ডেস্কঃ এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ইংৰাজীক সৰ্বাধিক নম্বৰ লাভ কৰিছে কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ৰ ছাত্ৰ প্ৰীতম নাৰ্জাৰীয়ে। তেওঁ ১০০ ৰ ভিতৰত ৯৮ নম্বৰ কৰিছে।

অসমীয়াত ৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ১০০ৰ ভিতৰত ১০০ নম্বৰেই লাভ কৰিব সক্ষম হৈছে। তেওঁলোক ক্ৰমে- ৰামানুজন চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সংকল্পজিত শইকীয়া, অংগনা বৰুৱা। ৰামানুজনৰেই আন এগৰাকী ছাত্ৰই লাভ কৰিছে ১০০ । তেওঁ হ'ল নিখিলেশ দত্ত।অসমীয়াত ১০০ নম্বৰ লাভ কৰা সংকল্পজিতে কলা শাখাত শীৰ্ষ স্থান আৰু নিখিলেশে বিজ্ঞান শাখাত শীৰ্ষ স্থান লাভ কৰিছে।

Also Read: উত্তীৰ্ণৰ হাৰত কলা শাখাত ধেমাজি, বিজ্ঞান শাখাত বাক্সা, বাণিজ্য শাখাত পশ্চিম কাৰ্বি আংলং জিলা শীৰ্ষত

result higher secondary