বৰক্ষেত্ৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উদযাপন

বৰক্ষেত্ৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উদযাপন

author-image
Asomiya Pratidin
New Update
বৰক্ষেত্ৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্মোৎসৱ উদযাপন

ডিজিটেল সংবাদ, দৌলাশালঃ কৃষ্ণনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ঘোৰাথাল । আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিছে গাঁওখনত । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আবিৰ্ভাৱ তিথি উপলক্ষ্যে নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ঘোৰাথাল গাঁৱত গাঁওখনৰ বাপ-বান্ধৱ সকলে পালন কৰিছে গুৰুজনাৰ জন্মোৎসৱ ৷

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত প্ৰাণ-কৃষ্ণ প্ৰাথমিক শাখা, ঘোৰাথালৰ উদ্যোগত এইবেলি দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰিছে ৷ ঘোৰাথাল গাঁৱৰ ঐতিহ্যমণ্ডিত ৰাজহুৱা নামঘৰ প্ৰাংগণত আধ্যাত্মিক পৰিৱেশৰ মাজেৰে গুৰুজনাৰ গুণানুকীৰ্তনেৰে ৫৭৫ সংখ্যক জন্মোৎসৱ উদযাপন কৰিছে ৷

সোমবাৰে পুৱা নাম প্ৰসংগ আৰু ভাগৱত পাঠ অনুষ্ঠিত হোৱাৰ পাছত পুৱা ৯ বজাত ধৰ্মধ্বজা উত্তোলন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ প্ৰাক্তন উপ সভাপতি বশিষ্ঠ দাসে ৷ পুৱা ৯.৩০ বজাত ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘ নলবাৰী জিলা শাখাৰ সম্পাদক কৰ্ণধৰ বৰ্মনে ৷ ইয়াৰ পাছতেই ভাগৱতলৈ গাঁওখন পৰিভ্ৰমণ কৰে বাপ-বান্ধব, ভকত-বৈষ্ণৱসকলে ৷ ভাগৱত শোভাযাত্ৰাত অংশগ্ৰহণ কৰে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ন ডেকাই ।

সন্ধিয়া অনুষ্ঠিত হ'ব ধৰ্মালোচনী সভা ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰক্ষেত্ৰী আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি তৰুণ চন্দ্ৰ দাসৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগীয়া ধৰ্মসভা উদ্বোধন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা শাখাৰ প্ৰাক্তন সদস্য মনোৰঞ্জন বৰ্মনে ৷ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল প্ৰচাৰক মণিৰাম দাস ৷ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম কৃষি বিপনন পৰিষদৰ অধ্যক্ষ মনোজ বৰুৱা, মেঘালয়স্থিত মেণ্ডিপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ কমল দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে ।

মঙ্গলবাৰে পুৱা নাম প্ৰসংগ, ভাগৱত পাঠ অনুষ্ঠানৰ পিছতে দিনৰ ১১ বজাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ আধাৰত অনুষ্ঠিত হ'ব কুইজ প্ৰতিযোগিতা ৷ আবেলি ২ বজাত জনসেৱা কামৰূপীয়া ঢুলীয়া গোষ্ঠীৰ ঢুলীয়া প্ৰদৰ্শন, নিশা ৯ বজাত পাপৰি মিনি থিয়েটাৰে নাট মঞ্চস্থ কৰিব বুলি জানিব পৰা গৈছে ৷

Also Read: নাগালেণ্ডত উদ্ধাৰ অসমৰ দুই যুৱকৰ মৃতদেহ