ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰ সন্থাৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা ১৭ জুন, ২০২৩ ৰ অভিনন্দন অনুষ্ঠানত বৰ্তমানৰ আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে সৰৱ হ'ল দিলীপ বৰা।
নগাওঁ ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষগৰাকীয়ে এবছৰৰ পূৰ্বে শংকৰজ্যোতি বৰুৱাই কৰা এক সমালোচনাৰ প্ৰত্যুত্তৰ দিয়ে এই অনুষ্ঠানত। বিশেষ অভিনন্দন অনুষ্ঠানটোৰ মঞ্চত দিলীপ বৰাই কয় যে, এবছৰ পূৰ্বেই শংকৰজ্যোতি বৰুৱাই কৰা এক মন্তব্যক লৈ তীব্ৰ অসন্তুষ্ট তেওঁ।
দিলীপ বৰাই পিষ্টল লৈ ঘূৰি ফুৰে বুলি সেই সময়ত আছু নেতাজনে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত তেওঁ কয়, হয় মই কঠোৰ অনুশাসনৰ পিষ্টল লও। সেই পিষ্টলত থাকে মৰমৰ গুলী।
কিদৰে ছাত্ৰ-ছাত্ৰীসকলক কঠোৰ পৰিশ্ৰম আৰু অনুশাসন মাজেৰে গঢ় দিয়ে সেই অভিজ্ঞতাৰ কথাও তেওঁ ব্যাখ্যা কৰে। আছুৰ নেতাগৰাকীৰ এনে সমালোচনাৰ বাবেই সেই বছৰ তেওঁ অসন্তুষ্ট হৈ ছাত্ৰ-সংগঠনটোৱে আয়োজন কৰা অভিনন্দন অনুষ্ঠানলৈ অহা নাছিল বুলিও স্পষ্টকৈ কয় বৰাই।
অভিযোগ প্ৰতি অভিযোগেৰে সেই দিনা এই অনুষ্ঠানৰ কিছু সময় উত্তপ্ত হৈ পৰে। উক্ত অনুষ্ঠানত উপস্থিত থকা আছুৰ আন নেতা তথা অতিথিসকলো অস্বস্তিত পৰে এই পৰিস্থিতিত।
দিলীপ বৰাৰ মন্তব্যৰ পাছতে শংকৰজ্যোতি বৰুৱাই দিলীপ বৰাৰ ক্ষোভৰ প্ৰত্যুত্তৰ দি কয়, শিক্ষা সংসদৰ তেতিয়াৰ অধ্যক্ষ ড০ দয়ানন্দ বৰগোহাঁয়ে মাতি নি শীৰ্ষস্থানক লৈ কি ধৰণৰ দুৰ্নীতি হয় সেই সন্দৰ্ভত কিছু তথ্য তেওঁক প্ৰদান কৰিছিল। সেই ভিত্তিতেই তেতিয়া তেওঁ কিছু প্ৰশ্ন উত্থাপন কৰিছিল যদিও এই প্ৰসংগত কাৰো নাম লোৱা নাছিল।
গতিকে ইয়াক লৈ পুনৰ নতুন বিতৰ্ক দিলীপ বৰাই সৃষ্টি কৰাৰ অৱকাশ নাই বুলিও কয় শংকৰজ্যোতি বৰুৱাই। ইফালে অসমীয়া প্ৰতিদিন ডিজিটেলৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত দিলীপ বৰাই কয়, আছুৰ এই মঞ্চখন সঁচাকৈয়ে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ। আছুৰ এই অনুষ্ঠানত উপস্থিত থাকি পিতৃ-মাতৃ আৰু সমাজৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক দায়বদ্ধ হ'বলৈ আহ্বান জনাইছিল বুলিও জানিবলৈ দিয়ে।