চাপৰমুখত আৰক্ষীৰ অভিযান...

চাপৰমুখত আৰক্ষীৰ অভিযান...
Published on
Updated on

ডিজিটেল সংবাদ, ৰহাঃ ৰহাৰ চাপৰমুখত ড্ৰাগছৰ বিৰুদ্ধে চাপৰমুখ আৰক্ষীৰ অভিযান। নিশা চাপৰমুখ আৰক্ষীয়ে গোমন সুত্ৰৰ ভিত্তিত অভিযান চলাই ১০টা চাবোনৰ বাকচভৰ্তি হেৰ'ইনসহ তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন তিনি ড্ৰাগছ সৰবৰাহকাৰীৰ নাম হ'ল জৰীনা খাতুন, নিজাম উদ্দিন আৰু বাহাৰুল ইছলাম।

তিনিওৰে ঘৰ নগাঁৱৰ ৰূপহীত। জানিব পৰা মতে ড্ৰাগছ সৰবৰাহকাৰী কেইটাই শিলচৰৰ পৰা ৰে'লৰে ড্ৰাগছখিনি সৰবৰাহ কৰিছিল আৰু চাপৰমুখ ৰে'ল জংচনত নামি এখন অ'ট'ৰে যাবলৈ লওঁতেই চাপৰমুখ আৰক্ষী চকীৰ আৰক্ষীয়ে আটাইকেইটা সৰবৰাহকাৰীক হাতে লুটে ধৰিবলৈ সক্ষম হয়।

চাপৰমুখত আৰক্ষীৰ অভিযান...
খটৰা সত্ৰত গোবিন্দ জয়ন্তী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in